NORTHEAST NOW (Assamese)
অসম

গুগল দুদলত বিক্ৰম চাৰাভাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 12, 2019 7:30 pm
Google Doodle honours Dr Vikram Sarabhai on his birth centenary

বিজ্ঞানী বিক্ৰম চাৰাভাইৰ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলিৰূপে উচৰ্গিত হৈছে গুগল দুদল।

সোমবাৰৰপৰা গুগল দুদলত দেখা গৈছে ভাৰতৰ মহাকাশ অভিযানৰ পিতৃপুৰুষৰূপে জনাজাত চাৰাভাইৰ ছবি।

দুদলত থকা বিক্ৰম চাৰাভাইৰ ছবি সৃষ্টি কৰিছে মুম্বাইৰ শিল্পী পৱন ৰাজুকাৰে।

চাৰাভায়ে ১৯৬২ চনত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান (ISRO) স্থাপন কৰিছিল।

চাৰাভাইৰ জন্ম হৈছিল গুজৰাটৰ আহমেদাবাদত, ১৯১৯ চনৰ ১২ আগষ্টত। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট লোৱাৰ পূৰ্বে তেওঁ গুজৰাট কলেজত অধ্যয়ন কৰিছিল।

১৯৪৭ চনৰ ১১ নৱেম্বৰত তেওঁ আহমেদাবাদত ফিজিকেল ৰিচাৰ্চ লেবৰে’টৰি প্ৰতিষ্ঠা কৰিছিল।

মহাকাশ গৱেষণাৰ গুৰুত্ব সম্পৰ্কে তেওঁ ভাৰত চৰকাৰক পতিয়ন নিয়াবলৈ সক্ষম হৈছিল।

তেওঁৰ প্ৰচেষ্টাত সমৰ্থন আগবঢ়াইছিল আন এজন প্ৰখ্যাত বিজ্ঞানী, “ভাৰতৰ নিউক্লিয়াৰ বিজ্ঞান কাৰ্য্যসূচীৰ জনক” হোমি জাহাংগিৰ ভাবাই।

চাৰাভাইৰ মৃত্যুৰ পাঁচ বছৰ পিছত ভাৰতে উৎক্ষেপ কৰিছিল দেশৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰ্হ।

১৯৭৫ চনত উৎক্ষেপিত এই উপগ্ৰহ “আৰ্য্যভট্ট” আছিল চাৰাভাইৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ ফল।

আই আই এম, আহমেদাবাদ প্ৰতিষ্ঠাতো চাৰাভায়ে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।