NORTHEAST NOW (Assamese)
অসম

বেয়েৰ গ্ৰাইলছৰ পুতেকো সাংঘাটিক, Man vs Wildৰ নজনা কথা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 14, 2019 5:41 pm
bear_grylls_and_pm_modi_Man vs Wild: Unknown Facts

We-Mediaৰ এগৰাকী লেখকে আগবঢ়াইছে ডিছকাভাৰি চেনেলৰ জনপ্ৰিয় শ্ব’ Man vs Wildৰ আঁৰৰ কিছু কথা।

প্ৰকাশ পাইছে বোলে শ্ব’টোৰ পৰিৱেশক বেয়েৰ গ্ৰাইলছৰ পুতেকো সাংঘাটিক—সাহসত।

বেয়েৰৰ তিনি সন্তানৰ মাজৰ এজন পুত্ৰই বোলে ৭ বছৰ বয়সতে পুলত পৰি যোৱা এগৰাকী ছোৱালীক উদ্ধাৰ কৰিছিল।

বেয়েৰৰ শ্ব’টো বিশ্বজুৰি জনপ্ৰিয়, কিন্তু শেহতীয়াকৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এটা বিশেষ খণ্ড সম্প্ৰচাৰিত হোৱাৰ পিছত ভাৰততো ই অভূতপূৰ্ব চৰ্চা লাভ কৰিছে।

এই চৰ্চাৰ মাজতে We-Mediaৰ উক্ত লেখকে পাঠকলৈ এৰি দিছে শ্ব’টোৰ আঁৰৰ কিছু কথা।

১. শ্ব’টোৰ নাম কেৱল Man vs Wild নহয়। বিশ্বৰ ডেৰ শতাধিক দেশত সম্প্ৰচাৰ হোৱা শ্ব’টোৰ নাম দেশভেদে বেলেগ। শ্ব’টোৰ আন কিছুমান নাম হৈছে– Born Survivor, Ultimate Survivor, Bear Grylls and Survival Game (।)

২. লেখকৰ মতে, New York Postsৰ মতে শ্ব’টো যেনেকৈ ঘটিছে তেনেকৈয়ে দেখুওৱা ধৰণৰ নহয়, বৰঞ্চ স্ক্ৰীপ্তেদ (scripted)। কাৰণ, কেলিফৰ্নিয়াত শ্বুটিঙৰ সময়ত বেয়েৰ আৰু তেওঁৰ সহযোগী দলটো বোলে হোটেলত আছিল।

৩. শ্ব’টোৰ এটা খণ্ড শ্বুটিং কৰিবলৈ বোলে প্ৰায় ৭ দিন লাগে। দলটোৱে প্ৰথমে শ্বুটিংস্থলী ভ্ৰমণ কৰি জৰীপ কৰে আৰু সেই অনুসৰি বেয়েৰ গৈ হাজিৰ হয়।

৪. শ্ব’টোৰ Man vs Wild নামৰ এটা X Box গে’মো আছে। গে’মটো খুব জনপ্ৰিয় আৰু বেয়েৰে ডিছকাভাৰিৰ সহযোগত ইয়াক নিৰ্মাণ কৰিছে।