NORTHEAST NOW (Assamese)
উত্তৰ-পূব

নাগা স্বাধীনতা দিৱস পাতি চৰকাৰৰ চকুত এন এছ এফ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 14, 2019 7:24 pm
Nagaland: Government pulls up NSF for hoisting Naga national flag

এন এছ চি এন (আই এম), নাগা নেচনেল কাউন্সিল আদি নাগা জাতীয় সংগঠনে ১৪ আগষ্টত পৰম্পৰাগতভাৱে উদযাপন কৰি অহা নাগা স্বাধীনতা দিৱস পাতি চৰকাৰৰ চকুত পৰিছে নাগা ছাত্ৰ ফেডাৰেচন।

ছাত্ৰ সংগঠনটোৱে নাগালেণ্ডৰ লগতে নাগা বসতিপ্ৰধান অঞ্চলসমূহত নাগা পতাকা উৰুৱাই বুধবাৰে স্বাধীনতা দিৱস উদযাপন কৰাৰ কথা ঘোষণা কৰা বুলি বাতৰি প্ৰকাশিত হৈছিল।

এই সন্দৰ্ভত নাগালেণ্ডৰ গৃ্হ বিভাগে মঙলবাৰে সকলো জিলাৰ উপায়ুক্তক এক নিৰ্দেশ জাৰি কৰিছে।

এন এছ এফে ইয়াৰ সকলো ফেডাৰেটিং ইউনিটক ১৪ আগষ্টত নাগা স্বাধীনতা দিৱস উপলক্ষে নাগা পতাকা উত্তোলন কৰিবলৈ নিৰ্দেশ দিয়াটো নাগালেণ্ড চৰকাৰে লক্ষ্য কৰিছে,ৰাজ্যখনৰ আয়ুক্ত এম পেটনৰ উদ্ধৃতিৰে দ ফ্ৰী প্ৰেছ জাৰ্নেলৰ বাতৰি।

বাতৰিটোত লগতে কোৱা হৈছে, “নিৰ্দেশটো মতে, এন এছ এফৰ এই নিৰ্দেশনাই অনাহুত পৰিস্থিতি সৃষ্টি কৰিব পাৰে আৰু গুৰুতৰ আইন আৰু শৃংখলাজনিত সমস্যালৈ লৈ যাব পাৰে।”

পেটনে উপায়ুক্তসকলক সংশ্লিষ্ট জিলাৰ এন এছ এফ নেতাসকলৰ লগত বৈঠকত বহিবলৈ নিৰ্দেশ দিছে।

এন এছ এফৰ সভাপতি নিন’ত’ আৱমিয়ে নাগা পতাকা উত্তোলনক “নাগা পৰিচয়”ৰ উদযাপন আৰু ই ভাৰতবিৰোধী নহয় বুলি মন্তব্য কৰিছে।

ই আমাৰ পৰিচয়ৰ উদযাপন। কিন্তু এই উদযাপনে এই কথা নুসূচায় যে আমি ভাৰতৰ বিৰুদ্ধে,আৱমিৰ মন্তব্য।