NORTHEAST NOW (Assamese)
অসম

দক্ষ বন বিষয়া হোৱাৰ মন মণিপুৰৰ ৯ বছৰীয়া গ্ৰীণ এম্বেছাদৰ এলাংবাম ভেলেণ্টিনা দেৱীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 14, 2019 7:58 pm
Elangbam-Valentina-Devi-2jpg-615x375-750x375

ৰাজ্যিক গ্ৰীণ এম্বেছাদৰ হিচাপে নিযুক্ত মণিপুৰৰ ৯ বছৰীয়া কন্যা এলাংবাম ভেলেণ্টিনা দেৱীয়ে ভবিষ্যতে এগৰাকী দক্ষ বন বিষয়া হ’ব খোজে।

এলাংবামে মূলতঃ পৰিবেশ সংৰক্ষণৰ বাবে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে এগৰাকী বন বিষয়া হোৱাৰ লক্ষ্য স্থিৰ কৰি লৈছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : গছ কটাৰ দুখত কান্দোনত ভাগি পৰা ৯ বছৰীয়া মণিপুৰী ছোৱালীক গ্ৰীণ এম্বেছাদৰ নিযুক্তি

উল্লেখযোগ্য যে, পাহাৰীয়া ৰাজ্যখনত পথ বহলোৱা প্ৰকল্প এটাৰ বাবে দুডাল গছ কটাৰ কাৰণে ৯ বছৰীয়া শিশুগৰাকীয়ে কান্দোনত ভাগি পৰা এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে শিশুগৰাকীলৈ ৰাজ্যখনৰ গ্ৰীণ এম্বেছাদৰৰ সন্মান আগবঢ়োৱা হয়।

ভেলেণ্টিনা কাকচিঙ চহৰৰ আমুটম্বি ডিভাইন লাইফ ইংলিছ স্কুলৰ এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰী।

তাই পাঁচ বছৰ পূৰ্বে দুডাল কৃষ্ণচূড়া গছৰ পুলি এখন নদীৰ পাৰত ৰোপন কৰিছিল।

তাই গছপুলি দুডালৰ যতন লৈছিল আৰু সেইয়া প্ৰায় চাৰি বছৰৰ ভিতৰত লহপহীয়া গছ হৈ উঠিছিল।

নদীখনৰ কাষেৰে যোৱা পথ বহলোৱা প্ৰকল্পৰ বাবে গছ দুডাল আন গছ গছনিৰ লগতে কাটি পেলোৱা হয়। যাৰ বাবে কান্দোনত ভাগি পৰিছিল ভেলেণ্টিনা।

ছোৱালীগৰাকীৰ এনে মহানুভৱতা দেখি ৰাজ্যখনৰ মুখ্য মন্ত্ৰী বীৰেন সিঙে ৯ বছৰীয়া এলাংবাম ভেলেণ্টিনা দেৱীক ৰাজ্যখনৰ গ্ৰীণ এম্বেছাদৰ হিচাপে নিযুক্তি দিবলৈ নিৰ্দেশ দিছিল।