NORTHEAST NOW (Assamese)
অসম

বিনোদ দুলু বৰালৈ “মুখ্য মন্ত্ৰীৰ শ্ৰেষ্ঠ সামুহিক কৰ্ম বঁটা” : বন বিভাগৰো ভূয়সী প্ৰশংসা

Posted by: ভার্গব হাজৰিকা Updated by: ভার্গব হাজৰিকা August 15, 2019 7:55 pm
IMG-20190815-WA0015

নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্ত্তী বৃহত্তৰ অঞ্চলত হস্তী-মানুহৰ দীৰ্ঘদিনীয়া সংঘাত দূৰ কৰিবৰ বাবে নগাঁৱৰ চাপানালাৰ নিকটৱৰ্ত্তী ৰংহাং কাৰ্বি গাঁৱত গঢ়ি উঠিছে এটি সংস্থা।

“হাতীবন্ধু” নামৰ এই সংস্থাৰ উদ্যোগত প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ নেতৃত্বত স্থানীয় ৰাইজে হাতত লোৱা অভিনৱ পদক্ষেপৰ প্ৰভাৱ এতিয়া সুদূৰ প্ৰসাৰী হৈ পৰিছে।

ভৈয়ামৰ কৃষকে খেতি চপোৱাৰ সময়ত বনৰীয়া হাতীক খাদ্য যোগান ধৰিবৰ বাবে ৰংহাং কাৰ্বি গাঁৱৰ পাহাৰৰ নামনিত আৰম্ভ কৰা হৈছে নেফিয়াৰ ঘাঁহৰ খেতি।

প্ৰায় দুশ বিঘা ধান খেতিৰ লগতে ৰঙামাটি পাহাৰত প্ৰায় ২৫তকৈও অধিক বিঘা মাটিত কৰা নেফিয়াৰ ঘাঁহৰ খেতিয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

এই প্ৰচেষ্টাই কেৱল ৰাজ্যৰ বন বিভাগৰে নহয়, কেন্দ্ৰীয় চৰকাৰৰো দৃষ্টি আকৰ্ষণ কৰিছে ।

উল্লেখযোগ্য যে, যোৱা জুলাই মাহত ৰংহাং গাঁৱৰ দুশ বিঘাৰ বিশেষ পথাৰ খনৰ কাষতে অতি আড়ম্বৰপূৰ্ণ ভাবে গাওঁ বাসীৰ সহযোগত বিনোদ দুলু বৰাই কৃষিকৰ্মৰ শুভাৰম্ভ কৰিছিল।

চামগুৰি দুলু বৰা
বন বিভাগৰ উচ্চ পদস্থ বিষয়াৰ সৈতে বিনোদ দুলু বৰা। ফটো : নৰ্থইষ্ট নাও

শীৰ্ষ বন বিষয়াই বনৰীয়া হাতীৰ বাবে কৰা কৃষিকাৰ্যৰ সবিশেষ তথ্য আহৰণ কৰিবলৈ ৰংহাং কাৰ্বি গাওঁ, বৰঘুলি, চাপানালা, ৰঙামাটি আদিত থকা বিস্তীৰ্ণ পথাৰ পৰিদৰ্শন কৰে।

অসম চৰকাৰৰ মুৰব্বী বন সংৰক্ষক বিষয়া অৰবিন্দ মাধৱ সিঙৰ লগতে উত্তৰ অসমৰ বন সংৰক্ষক বিষয়া গৰাকীয়ে পৰিদৰ্শন কৰে এই কৃষিকাৰ্য।

বন বিষয়া সিঙে খেতি কৰিবৰ বাবে ভূমি দান কৰা গাঁও বাসীক আৰু বিনোদ দুলু বৰাৰ লগতে তেওঁ নেতৃত্ব প্ৰদান কৰা সমগ্ৰ প্ৰক্ৰিয়াটোক চৰকাৰী ভাবে আন্তৰ্জাতিক স্তৰত দাঙি ধৰাৰ প্ৰচেষ্টা হাতত লোৱা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

বন বিষয়া দুজনে বনৰীয়া হাতীক খাদ্য যোগান ধৰিব বাবে খেতি কৰিবলৈ ভূমি দানৰ দৰে এক মহৎ কাৰ্য কৰা স্থানীয় ৰাইজক আৰ্থিক দিশত স্বনিৰ্ভৰশীল কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁলোকে চৰকাৰী বিশেষ আঁচনিৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণৰ জৰিয়তে সংস্থাপনৰ  সুবিধা দিয়াৰ আশ্বাস প্ৰদান কৰে।

ইপিনে, হাতী-মানুহৰ সংঘাত দুৰ কৰাৰ প্ৰচেষ্টা হাতত লোৱা মূলতঃ স্থানীয় প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাক বন বিষয়া দুজনে ভূয়সী প্ৰশংসা কৰে।

তদুপৰি, তেওঁলোকে সমগ্ৰ কাৰ্যটো সুপৰিকল্পিতভাবে আগবঢ়াই নিয়াত দুলু বৰাক সকলো দিশতে অনুপ্ৰাণিত কৰি অহা “হাতীবন্ধু” নামৰ সংস্থাটোৰ মুখ্য সঞ্চালক গুৱাহাটীৰ ৮৫ৰো উৰ্ধৰ বৰ্ষীয়ান ব্যক্তি প্ৰদীপ ভূঞাৰো শলাগ লয়।

আনহাতে, ৰাজ্যৰ আন-আন হাতী-মানুহৰ সংঘাত প্ৰৱণ অঞ্চললৈ ইয়াক প্ৰসাৰিত কৰাৰ প্ৰচেষ্টা চৰকাৰীভাৱে বন বিভাগে শীঘ্ৰে হাতত ল’ব বুলি উপস্থিত বন বিষয়া দুগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত জানিবলৈ দিয়ে।

লক্ষণীয়ভাবে, বৃহস্পতিবাৰে ৭৩সংখ্যক স্বাধীনতা দিৱসৰ গুৱাহাটীৰ খানাপাৰাত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত অনুষ্ঠানটোত মুখ্যমন্ত্ৰী সৰ্ৱানন্দ সোণোৱালে ৰাজহুৱা ভাবে বিনোদ দুলু বৰাক সম্বৰ্দ্ধনা জনোৱাৰ লগতে “মুখ্য মন্ত্ৰীৰ শ্ৰেষ্ঠ সামুহিক কৰ্ম বঁটা-২০১৯” প্ৰদান কৰে।

নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্ত্তী বৃহত্তৰ অঞ্চলৰ ৰাইজৰ লগতে সমূহ নগাঁওবাসীৰ মাজত দুলুৰ কৰ্মৰাজিক লৈ ব্যাপক চৰ্চা চলিছে আৰু ইয়াকে লৈ সমগ্ৰ নগাঁও বাসীয়ে গৌৰৱ বোধ কৰিছে।