NORTHEAST NOW (Assamese)
অসম

ৰাজহুৱা বিচাৰৰ নামত আতিশয্য-অপমান পাই বঙাইগাঁৱত এজন কিশোৰৰ আত্মহত্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 16, 2019 5:06 pm
suicide

বঙাইগাঁও জিলাৰ যোগীঘোপাত সামান্য অপৰাধতে এজন কিশোৰক ৰাজহুৱা বিচাৰৰ নামত আতিশয্য-অপমান কৰাৰ পিছত কিশোৰজনে আত্মহত্যা কৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে।

স্থানীয় ৰাইজে জনোৱা মতে, স্বাধীনতা দিৱসৰ দিনা এখন চাইকেল লৈ ঘৰৰ পৰা ওলাই যোৱা কিশোৰজনক ভঁৰালকুন্দিৰ শিৱমন্দিৰৰ ওচৰৰ ৰাইজে এগৰাকী মহিলাক অসৎ উদ্দেশ্য লৈ স্পৰ্শ কৰা বুলি অভিযোগ আনি বান্ধি ৰাখে আৰু বিভিন্ন অত্যাচাৰ কৰে।

আইন হাতত তুলি লোৱা ৰাইজে ১৬ বছৰীয়া কিশোৰজনক বান্ধি থৈ মাৰপিট কৰাৰ লগতে তেওঁৰ আত্মীয়লৈ খবৰ দিয়ে।

আত্মীয় আৰু ওচৰ-চুবুৰীয়া আহি কিশোৰজনৰ ভুল হৈছে বুলি স্বীকাৰ কৰাৰ পিছতো ৰাইজে কিশোৰজনৰ ওপৰত বিভিন্ন মানসিক অত্যাচাৰ অব্যাহত ৰাখে আৰু ৪২ হাজাৰ টকা জৰিমনাৰ নিৰ্দেশ দিয়ে।

এই অপমান সহ্য কৰিব নোৱাৰি কিশোৰজনে পিছত যোৱা নিশা কিশোৰজনে নিউ বঙাইগাঁও-গোৱালপাৰা সংযোগী ৰেইলপথত ৰেইলৰ আগত পৰি আত্মহত্যা কৰে ৷

কিশোৰজনৰ আত্মীয় আৰু প্ৰতিৱেশীসকলে আইন হাতত তুলি লৈ কিশোৰজনক অত্যাচাৰ কৰা ঘটনাটোত জড়িতসকলক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি বিহাৰ দাবী তুলিছে।