NORTHEAST NOW (Assamese)
অসম

আই এছ এল; মুম্বাই চিটিৰ বিৰুদ্ধে আজি অভিযান আৰম্ভ কৰিব নৰ্থ-ইষ্ট য়ুনাইটেডে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 21, 2020 2:05 pm

ইণ্ডিয়ান চুপাৰ লীগৰ চলিত চিজনত নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে আজি মুম্বাই চিটিৰ বিৰুদ্ধে নিজৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ’ব।

গোৱাৰ ভাস্কোৰ তিলক ময়দানত অনুষ্ঠিত হ’বলগীয়া খেলখনত নৰ্থ-ইষ্ট-য়ুনাইটেড মুম্বাই এফ চিৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখিন হ’ব বুলি সকলোৱে মত প্ৰকাশ কৰিছে।

বিগত বৰ্ষত অতি হতাশজনক প্ৰদৰ্শন দাঙি ধৰা নৰ্থ-ইষ্ট য়ুনাইটেডে চলিত চিজনৰ বাবে দলটোত ভালেসংখ্যক সালসলনি কৰিছে।

স্পেনিছ প্ৰশিক্ষক জেৰাৰ্ড নাছক নৰ্থ-ইষ্ট য়ুনাইটেডে নতুন প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে।

নৰ্থ-ইষ্ট য়ুনাইটেড মূলত লুইছ মাছাডো, কেৱেছি এপ্পিয়া, ফেডেৰিকো গালাগো, বেঞ্জামিন লাম্বাটোৰ দৰে খেলুৱৈৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বিপৰীতে মুম্বাই চিটিৰ মূল শক্তি হ’ব ৰাউলিন ব’ৰ্গেছ, ৰাইনাৰ ফাৰ্ণাণ্ডেজ, হুগো বৌমাছ।

স্পেনিছ প্ৰশিক্ষক ছাৰ্জিঅ’ ল’বেৰাৰ তত্ত্বাৱধানত মুম্বাই নৰ্থ-ইষ্টৰ বিৰুদ্ধে ফেভাৰিট হিচাপেই খেলপথাৰত নামিব।