NORTHEAST NOW (Assamese)
অসম

বিদায় সূৰ্য: ২০২১ চনতহে পুনৰ সূৰ্যোদয় দেখা পাব আলাস্কাৰ এইখন চহৰৰ বাসিন্দাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 21, 2020 2:03 pm
a alaska

ডিম্বাকৃতিৰ বিশাল পৃথিৱীখনত প্ৰকৃতিয়ে সৃষ্টি কৰা বিচিত্ৰতাৰ অন্ত নাই।

পৃথিৱাৰ ক’ৰৱাত যদি এই সময়ত দিন হৈ আছে, ক’ৰৱাত আকৌ নিশাৰ ঘোপ মৰা আন্ধাৰে পৰিবেশ গোমা কৰি তুলিছে।

বিচিত্ৰ প্ৰকৃতিৰ এক খেলা এইবাৰো আৰম্ভ হৈছে আলাস্কাত।

আলাস্কাৰ ব্যাৰো নামৰ চহৰ খনৰ বাসিন্দাসকলে যোৱা বুধবাৰেই ২০২০ চনৰ অন্তিমটো সূৰ্যোদয় প্ৰত্যক্ষ কৰিছিল।

ইয়াৰ পিছত অহা ৬৫ দিনৰ বাবে চহৰ খনত আৰু সূৰ্যোদয় নহয়।

এয়া কোনো হঠাতে হোৱা প্ৰাকৃতিক পৰিঘটনা নহয়। প্ৰতি বছৰে শীতকীলত এই চহৰ খনত দুমাহৰো বেছি সময় সূৰ্যোদয় নোহোৱাকৈ থাকে।

ভৌগলিক অৱস্থানৰ বাবেই আলাস্কাৰ ব্যাৰো চহৰত প্ৰতি বছৰে এনে পৰিঘটনা সংঘটিত হৈ আহিছে। অৱশ্যে সূৰ্যোদয় নহ’লেও চহৰ খন যে দুমাহ ধৰি কেৱল আন্ধাৰতে নিমজ্জিত হৈ থাকিব তেনে নহয়।

পুৱা সূৰ্যোদয়ৰ সময়ত চহৰ খনত কিছুসময়ৰ বাবে সামান্য পোহৰ হ’ব যদিও সূৰ্যই পূৱ আকাশত ক্ষন্তেকৰ বাবে হলেও দেখা নিদিয়ে।

অলপ সময় চকামকা পোহৰ হৈ থকাৰ পিছত চহৰ খন পুনৰ আন্ধাৰত বুৰ যাব।

আলাস্কাত সংঘটিত হৈ অহা এনে পৰিঘটনাক মেৰু ৰাত্ৰি বা পোলাৰ নাইট বুলি কোৱা হয়।