NORTHEAST NOW (Assamese)
অসম

বোকাজানত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ কৰুণ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 16, 2019 5:59 pm
wild jumbo attack

খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাক এটাৰ আক্ৰমণত বোকাজান থানাৰ অন্তৰ্গত মাতিপুলত ছমা দেৱী নামৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ দুখজনকভাৱে মৃত্যু হয়।

ছমা দেৱী মাতিপুল অঞ্চলৰে ভীম বাহাদুৰ তাৰকীৰ কন্যা আছিল।

জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকটোৱে গাঁৱত প্ৰৱেশ কৰি উপদ্ৰপ আৰম্ভ কৰে।

হাতীৰ জাকটোৱে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা ভীম বাহাদুৰ তাৰকীৰ ঘৰত প্ৰৱেশ কৰিবলৈ ধৰোতেই পৰিয়ালৰ সকলো সদস্যই ঘৰ এৰি পলাবলৈ চেষ্টা কৰে।

পৰিয়ালৰ সদস্য সকলৰ লগতে ১৩ বছৰীয়া কিশোৰীগৰাকীয়ো পলাবলৈ চেষ্টা কৰাৰ সময়তে হাতীয়ে টানি আনি ঠেকেছী দিয়ে কিশোৰীগৰাকীক আৰু লগে লগে ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই কিশোৰীগৰাকীয়ে।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। হাতীৰ জাকটোৱে ভীম বাহাদুৰৰ বাসগৃহৰ লগতে অঞ্চলটোৰ আন বহুকেইটা গৃহত উপদ্ৰপ চলাই আতৰি যায়।

উল্লেখযোগ্য যে, অঞ্চলটোত দীৰ্ঘদিনৰ পৰা এনেদৰে বনৰীয়া হাতীয়ে উপদ্ৰপ চলাই অহাৰ ফলত জনসাধাৰণে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে।