ৰাজ্যৰ পথ আৰু দলং নিৰ্মাণ, মেৰামতি সম্পৰ্কত নীতীন গাডকাৰীৰ সৈতে দিল্লীত সোণোৱালৰ বৈঠক

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতীন গাডকাৰীক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যৰ পথ আৰু দলং নিৰ্মাণ, মেৰামতি ইত্যাদি বিভিন্ন বিষয়ত আলোচনা কৰে।
বৈঠকত সোণোৱালে আধাৰশিলা স্থাপন কৰা যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক আহ্বান জনায়।
কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আজিৰ বৈঠকত তেওঁৰ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলক ইয়াৰ প্ৰাকঃকলন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে।
উক্ত বৈঠকতে ধুবুৰী-ফুলবাৰী দলং নিৰ্মাণৰ বিষয়টো আলোচনা কৰি এই ক্ষেত্ৰত ভূমি সমস্যাটো নিৰাময়ৰ সম্পৰ্কত আলোচনা কৰা হয়।
ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্য আৰু মেৰামতিৰ ক্ষেত্ৰত তৎপৰতাৰে কাম আৰম্ভ কৰাৰ লগতে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াক বিষয়সমূহ অধ্যয়ন কৰাৰ বাবে অসমলৈ প্ৰেৰণ কৰিবলৈও সোণোৱালে নীতীন গাডকাৰীক আহ্বান জনায়।
কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী গৰাকীয়ে দলং আৰু পথ মেৰামতিৰ বিষয়টো গুৰুত্ব লৈ কয় যে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰিব।
আজিৰ এই বৈঠকত কেন্দ্ৰীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।