NORTHEAST NOW (Assamese)
অসম

এ অ ডিৰ মুখ্য কাৰ্য্যালয়ত আই অ’ চি এল (এ অ ডি) ঠিকাদাৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ August 21, 2019 7:19 pm
Screenshot_20190821_182228

তিনিচুকীয়া জিলাৰ ভাৰতীয় তেল নিগম (অসম তেল সংমণ্ডল), ডিগবৈৰ মুখ্য কাৰ্যলয়ৰ সন্মুখত আজি ৰাতিপুৱাৰে পৰা আই অ চি এল (এ অ ডি ) ঠিকাদাৰ সন্থাই বিভিন্ন সমস্যাসমূহৰ লগতে কেতবোৰ সা-সুবিধা প্ৰদানৰ দাবীৰে ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে।

ঠিকাদাৰসকলে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে ঠিকাদাৰ সকলৰ ন্যায্য প্ৰাপ্তি শীঘ্ৰে মোকলাই দিবলৈ দাবী জনাই এ অ ডিৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ মূল প্ৰবেশ দ্বাৰ প্ৰতিবাদী ধ্বনিৰে উত্তাল কৰি তোলে।

শেহতীয়াকৈ এ অ ডিৰ শীৰ্ষ বিষয়া সকলৰ মইমতালি আৰু স্বজন তোষণ নীতিৰ বাবে সময়ে সময়ে ঠিকাদাৰসকলে প্ৰতিবাদ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈ আহিছে।

প্ৰতিবাদকাৰীসকলে শীঘ্ৰে তেওঁলোকে উত্থাপন কৰা দাবী সমূহ কৰ্তৃপক্ষই সমাধান নকৰিলে অনাগত দিনত ইয়াতকৈও ভয়াবহ আন্দোলনৰ ভাবুকি দিয়ে।

দীৰ্ঘদিন ধৰি নিজৰ নায্য প্ৰাপ্তিৰ বাবে এনেদৰে কৰি থকা বঞ্চনা সহ্য কৰা নহ’ব বুলি এগকাৰী প্ৰতিবাদকাৰীয়ে ক্ষোভেৰে কয়।

এইক্ষেত্ৰত এইবাৰ এ অ ডিৰ প্ৰশাসনীয় শীৰ্ষ বিষয়াসকলে কেনে পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব৷