NORTHEAST NOW (Assamese)
অসম

চীনত চুৰিত লিপ্ত অসমৰ বিশিষ্ট শিক্ষাবিদ: ডিব্ৰুগড় বিশ্ববি.ৰ উপাচাৰ্য্যৰ প্ৰতিক্ৰিয়া

Posted by: অভীক চক্ৰবৰ্তী Updated by: অভীক চক্ৰবৰ্তী August 22, 2019 7:00 am
Dibrugarh University VC denies allegations of pilfering in China

অসমৰ বিশিষ্ট শিক্ষাবিদৰ দল এটা শেহতীয়া চীন ভ্ৰমণত চুৰিত লিপ্ত হোৱা বুলি প্ৰকাশিত এক বাতৰিৰ সত্যতা অস্বীকাৰ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ৰঞ্জিত তামুলীয়ে।

এখন অসমীয়া কাকতে প্ৰকাশ কৰা বাতৰিটোত কোৱা হৈছিল যে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ আৰু কেইবাখনো কলেজৰ প্ৰতিনিধি থকা দলটোৱে কৰা চুৰি সন্দৰ্ভত চীনে ভাৰত চৰকাৰক “চমন প্ৰেৰণ কৰি কৈফিয়ৎ” তলব কৰিছে।

বাতৰিটো সম্পূৰ্ণ অসত্য আৰু ভিত্তিহীন। প্ৰতিনিধি দলটো আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাবমূৰ্তি নষ্ট কৰাৰ বাবেই কেৱল ইয়াক প্ৰকাশ কৰা হৈছে,নৰ্থইষ্ট নাওত উপাচাৰ্য্য তামুলীৰ মন্তব্য।

কাৰো নাম উল্লেখ নকৰাকৈ দলটোৰ এজন সদস্যই চুৰি কৰাক লৈ চমন জাৰি হোৱা বুলি বাতৰিটোত প্ৰকাশ পাইছিল।

কিন্তু উপাচাৰ্য্যগৰাকীয়ে জনায় যে কাৰোৰে নামত কোনো ধৰণৰ “চমন” জাৰি হোৱা নাই।

আমি এক শৈক্ষিক ভ্ৰমণত চীনলৈ গৈছিলো আৰু কিছুদিন তাতে থাকিছিলো। ভ্ৰমণৰ অংশ হিচাপে বিহাং বিশ্ববিদ্যালয়লৈ আমি গৈছিলো,” তেওঁ কয়।

তামুলীৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৰ ভ্ৰমণ যোৱা ৬ জুলাইত আৰম্ভ হৈছিল।

শিক্ষাবিদৰ দলটোৰ বাকী সদস্যসকল আছিল এ এইচ এচ ই চিৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঞি, নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষ বিমান চেতিয়া, তিনিচুকীয়া কলেজৰ অধ্যক্ষ ৰাণা চাংমাই, তিনিচুকীয়া কমাৰ্চ কলেজৰ অধ্যক্ষ চেতনা বৰা, নৰ্থ লখিমপুৰ কলেজৰ সংগীতা বৰঠাকুৰ তামুলী আৰু মাৰ্ঘেৰিটা কলেজৰ বুধিন গগৈ।