NORTHEAST NOW (Assamese)
Popular Stories

কাইলৈৰ পৰা নগাঁৱত দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় চুটি ছবি আৰু তথ্যচিত্ৰ মহোৎসৱ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 22, 2019 10:38 am

নগাঁওস্থিত চলচ্চিত্ৰ অনুষ্ঠান “চিনেমালয়’ৰ উদ্যোগত অহা ২৩ আগষ্টৰ পৰা ২৫ আগষ্টলৈ দ্বিতীয় নগাঁও আন্তঃৰাষ্ট্ৰীয় চুটি ছবি আৰু তথ্যচিত্ৰ মহোৎসৱ অনুষ্ঠিত হ’ব।

এইবাৰৰ মহোৎসৱত ভাৰতৰ উপৰি আমেৰিকা, পৰ্টুগাল, বাংলাদেশ, জাৰ্মানি, হাংগেৰিকে ধৰি ১৫খন দেশৰ ছবি প্ৰদৰ্শন কৰা হ’ব বুলি বুধবাৰে এক সংবাদমেল যোগে চিনেমালয়ৰ উদ্যোক্তাসকলে সদৰী কৰে।

আনহাতে এইবাৰৰ মহোৎসৱত পোলেণ্ডৰ দুগৰাকী চলচ্চিত্ৰ নিৰ্মাতাই অংশগ্ৰহণ কৰিব। তেওঁলোকে কেনেদৰে তথ্যচিত্ৰ নিৰ্মাণ কৰিব পাৰি তাৰ ওপৰত অনুষ্ঠিত হ’বলগীয়া কৰ্শমালাত প্ৰশিক্ষক হিচাপে থাকিব।

কালিৰ সংবাদমেলত চলচ্চিত্ৰ সমালোচক পাৰ্থজিৎ বৰুৱাই এতিয়ালৈকে মুঠ ১৫০খন ছবি এই মহোৎসৱৰ বাবে নিৰ্বাচন কৰা হৈছে বুলি কয়।

উল্লেখযোগ্য যে খঞ্জন কিশোৰ নাথ আৰু কেইগৰাকীমান চলচ্চিত্ৰপ্ৰেমী যুৱকে একক প্ৰচেষ্টাৰে আৰম্ভ কৰা চিনেমালয়ৰ এইটো দ্বিতীয়টো চলচ্চিত্ৰ মহোৎসৱ, ইয়াত চৰকাৰৰ তথা প্ৰশাসনৰ কোনো পৃষ্ঠপোষকতা নাই।

অহা ২৪ আৰু ২৫ তাৰিখে পুৱা ৯ বজাৰ পৰা আৱেলি ৫ বজালৈ দেশী-বিদেশী তথ্যচিত্ৰ তথা চুটিছবি সমূহ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ শীত-তাপ নিয়ন্ত্ৰিত প্ৰেক্ষাগৃহত প্ৰদৰ্শন কৰা হ’ব।

ইয়াৰ পিছত ৬ৰ পৰা ৮বজালৈ ‘অসমৰ লোকসংস্কৃতিক থিম’ হিচাপে লৈ এটা দুঘণ্টীয়া সাংস্কৃতিক অনুষ্ঠান থাকিব বুলি উদ্যেক্তাসকলে কয়।

তদুপৰি অসমীয়া চলচ্চিত্ৰৰ ৮৫ বছৰীয়া ইতিহাসক সামৰি চলচ্চিত্ৰ প্ৰেমীসকলৰ মাজত এখন কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হ’ব বুলিও সংবাদমেলত তেওঁলোকে জানিবলৈ দিয়ে।