NORTHEAST NOW (Assamese)
অসম

অন্য খেলত ট্ৰায়েলৰ ব্যৱস্থা নাই কিন্তু বক্সিঙত কিয়? মেৰীকমৰ প্ৰশ্ন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 22, 2019 10:14 am
File photo: Boxer MC Mary Kom

বিশ্বৰ যিকোনো সৰ্ববৃহৎ প্ৰতিযোগিতাৰ পূৰ্বে ভাৰতত বক্সিঙৰ বাহিৰে আন কোনো খেলতে ট্ৰায়েলৰ ব্যৱস্থা নাই। প্ৰতিযোগিতাৰ পূৰ্বে বক্সাৰসকলে ট্ৰায়েলত অৱতীৰ্ণ হ’ব লগা ব্যৱস্থাটো ঠিক নহয় বুলি মন্তব্য কৰিছে ইতিহাস সৃষ্টিকাৰী বক্সাৰ মেৰীকমে।

ৰাছিয়াত অনুষ্ঠিত হ’ব লগীয়া বিশ্ব বক্সিং চেম্পিয়শ্বিপৰ বাবে মেৰীকমৰ ৫১ কেজি ওজন শাখাৰ ট্ৰায়েল বাতিল কৰিছিল ভাৰতীয় বক্সিং ফেডাৰেশ্যনে (বি এফ আই) আৰু পূৰ্বৰ প্ৰদৰ্শনৰ ভিত্তিত প্ৰতিযোগিতাখনৰ বাবে তেওঁৰ নাম প্ৰেৰণ কৰে।

ছয়বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ গৰাকী বিশ্ব চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত হোৱাৰ পাছতে খেলুৱৈৰ লগতে বিভিন্ন জনে ট্ৰায়েল ব্যৱস্থা সম্পৰ্কত বি এফ আইক প্ৰশ্ন উত্থাপন কৰিছিল।

অল ইণ্ডিয়া গেমিং ফেডাৰেশ্যনে আয়োজন কৰা অনুষ্ঠানত সাংবাদিকে ট্ৰায়েল সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘সিদ্ধান্ত ল’ব পৰা ক্ষমতা মোৰ নাই। এই সম্পূৰ্ণ ব্যৱস্থাটো বি এফ আইৰ হাতত’।

বক্সাৰ গৰাকীয়ে লগতে কয়, ‘যিয়ে ভাল প্ৰদৰ্শন আগবঢ়াই আছে তেওঁৰ বাবে ট্ৰায়েলৰ প্ৰয়োজন নাই, তেওঁলোকক প্ৰত্যক্ষভাৱে প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ দিব লাগে’।

ট্ৰায়েল সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ বেডমিণ্টনৰ উদাহৰণ দি কয় যে আপোনালোকে কেতিয়াবা পি ভি সিন্ধু আৰু ছাইনা নেহৱালে ট্ৰায়েল দিয়া দেখিছেনে?

দেশৰ এইগৰাকী মহান বক্সাৰে ট্ৰায়েল সম্পৰ্কে কৰা মন্তব্যক বি এফ আয়ে কেনেদৰে গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।