NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী ৰেইল ষ্টেশ্যনত বোমাৰ আতংক

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া August 22, 2019 12:21 pm
bomb-hoax-

আজি ৰাতিপুৱা প্ৰায় ৯মান বজাত গুৱাহাটী ৰেইলৱে ষ্টেশ্যনত কিছু সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি ষ্টেশ্যনত থকা যাত্ৰী সকলৰ মাজত এক হুৱা দুৱা পৰিৱেশৰ সৃষ্টি হয়।

জানিব পৰা মতে ষ্টেশ্যনৰ সমীপৰ ৰেইল লাইনত উদ্ধাৰ হোৱা সামগ্ৰী খিনি বোমা বুলি প্ৰচাৰ হোৱাৰ পাছতে ষ্টেশ্যনত উপস্থিত থকা যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগে।

লগে লগে ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ সন্দেহজনক সামগ্ৰীখিনি উদ্ধাৰ কৰে।

আৰক্ষীৰ দলটোৱে প্ৰথম অৱস্থাত সামগ্ৰীখিনি বিস্ফোৰক বুলি সন্দেহ কৰিছিল যদিও সেয়া কোনো বোমা বা বিষ্ফোৰক নহয় বুলি প্ৰকাশ কৰিছে।

পাছত উদ্ধাৰ হোৱা সামগ্ৰীখিনি ফটকা জাতীয় সামগ্ৰী বুলিহে মন্তব্য কৰে আৰক্ষীয়ে।

কোনো দুষ্টচক্ৰই ষ্টেশ্যনত থকা যাত্ৰীসকলৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰাৰ চেষ্টা চলোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলাই থকা বুলিও জানিব পৰা গৈছে।