NORTHEAST NOW (Assamese)
অসম

সাৱধান, প্ৰৱঞ্চকৰ লক্ষ্য এতিয়া হোটেল-ৰেষ্টুৰেন্ট; ব্যৱহাৰ কৰিছে ভাৰতীয় সেনাৰ নাম

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ August 22, 2019 6:15 pm
images.jpeg-13

বৰ্তমান সময়ত সহজ সৰল অসমীয়া মানুহ ঠগ প্ৰৱঞ্চক দলৰ লক্ষ্য হৈ পৰিছে।

বিভিন্ন সময়ত ইন্টাৰনেট বেংকিং, এটিএমৰ নম্বৰ লৈ প্ৰৱঞ্চনাৰে লাখ লাখ টকা লুটি আহিছে এই প্ৰৱঞ্চকৰ দলে।

শেহতীয়াভাৱে শিৱসাগৰৰ বিভিন্ন হোটেল ৰেষ্টুৰেন্টত এনে দৰে প্ৰৱঞ্চনাৰে ধন লুটৰ ঘটনা পোহৰলৈ আহিছে।

মানুহক সহজে বিশ্বাসত ল’বলৈ ব্যৱহাৰ কৰিছে ভাৰতীয় সেনাৰ নাম, সেনাৰ পৰিচয় পত্ৰ। যাক লৈ এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ঘটনা বিৱৰণী মতে,  শিৱসাগৰ চহৰৰ মাজমজিয়াস্থিত দ’লমুখ চাৰিআলিত থকা ‘দ্য ব্ৰহ্মপুত্ৰ ৰেষ্টুৰেন্ট’ নামৰ বিলাসী হোটেল খনত কৰ্মৰত এজন পৰিচালকৰ পৰা প্ৰৱঞ্চকে তেওঁৰ বেংক একাউন্টৰ পৰা ধন লুটি নিয়ে।

হোটেলৰ কৰ্মচাৰী জনে জনোৱা মতে, ২০ আগষ্টৰ দিনা ৰাতি প্ৰায় ৮. ৪৫ বজাত হোটেলৰ লেণ্ডলাইন ফোনলৈ 9126354166 নম্বৰৰ পৰা নিজকে সেনাবাহিনীৰ বিষয়া বুলি পৰিচয় দি প্ৰায় ৪৯০০ টকাৰ খাদ্য সামগ্ৰী সোনকালে পেকিং কৰিবলৈ আদেশ দিয়ে।

IMG-20190822-WA0010
প্ৰৱঞ্চকে দাঙি ধৰা সেনাৰ পৰিচয় পত্ৰখন।

১০ মিনিটৰ ভিতৰত তেওঁৰ মানুহ আহি হোটেলৰ পৰা পেকিং কৰা খাদ্য সামগ্ৰী সমুহ লৈ যাব বুলি কয়।

বিলৰ ধন অনলাইনত প্ৰেৰণ কৰিবৰ বাবে হোটেলৰ কৰ্মচাৰী জনৰ এছ বি আইৰ এটিএমৰ নম্বৰ বিচাৰে।

নিজকে সৈন্যবাহিনীৰ বিষয়া বুলি পৰিচয় দিয়া ব্যক্তিজনে সেনাবাহিনীৰ পৰিচয় পত্ৰকে ধৰি বহু তথ্যপাতি প্ৰদৰ্শন কৰাত হোটেলৰ কৰ্মচাৰীজনে তেওঁৰ এটিএমৰ নম্বৰটো ব্যক্তিজনক প্ৰদান কৰে।

কিছু সময়ৰ পাছতেই সেই প্ৰৱঞ্চক ব্যক্তিজনে হোটেল কৰ্মচাৰীজনৰ  শিৱসাগৰ ক’লনিৰ এছ বি আই শাখাৰ একাউন্টৰ পৰা ৬৫০০ টকা প্ৰৱঞ্চনাৰে উলিয়াই লৈ যায়।

ইপিনে, হোটেললৈ তেওঁ অৰ্ডাৰ দিয়া খাদ্য নিবলৈও নাহিল।

অৱশেষত ভুক্তভুগী কৰ্মচাৰী জনে শিৱসাগৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।

ইয়াৰ পাছতে অনুৰূপ পন্থাৰে শিৱসাগৰৰ বহুকেইখন হোটেল ৰেষ্টুৰেন্টৰ পৰা প্ৰৱঞ্চনাৰে ধন লুট কৰাৰ ঘটনা পোহৰলৈ আহিছে।

শিৱসাগৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু আৰক্ষীয়ে ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হবলৈ সকলোকে আহ্বান জনাইছে।