NORTHEAST NOW (Assamese)
অসম

ভাৰতক পৰমাণু আক্ৰমণৰ হুংকাৰ দিয়া পাকিস্তানৰ ৰেইল মন্ত্ৰীয়ে লণ্ডনত খালে পিটন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 23, 2019 12:42 pm
Pakistan rail minister

কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ অকাৰ্যকৰী কৰাৰ পাছতেই ভাৰতক পৰমাণু আক্ৰমণৰ হুংকাৰ দিয়া পাকিস্তানৰ ৰেইল মন্ত্ৰী চেইখ ৰছিদ শাৰিৰীকভাৱে আক্ৰমণৰ সন্মুখীন হয় লণ্ডনত।

লণ্ডনত একাংশ লোকে পাকিস্তানৰ মন্ত্ৰী গৰাকীক ঘুচিওৱাৰ লগতে কণী প্ৰক্ষেপ কৰাৰ খবৰ লাভ কৰা গৈছে।

পাকিস্তানৰ মিডিয়াই প্ৰকাশ কৰা অনুসৰি আৱামী মুছলিম লীগৰ প্ৰমুখ তথা ৰেইল মন্ত্ৰী চেইখ ৰছিদে লণ্ডনৰ এখন হোটেলত এটা পুৰস্কাৰ বিতৰণ কাৰ্যসূচীত ভাগ ল’বলৈ যোৱা সময়তে এই ঘটনাটো ঘটে।

লোকসকলে মন্ত্ৰী গৰাকীক শাৰিৰীকভাৱে আক্ৰমণ কৰিয়েই ঘটনাস্থলৰ পৰা পলায়ন কৰে।

শাৰিৰীক আক্ৰমণৰ এই ঘটনাৰ দায়িত্ব লৈছে পাকিস্তান পিপলছ পাৰ্টীৰ যুৰোপস্থিত পিপলছ য়ুথ সংগঠনৰ অধ্যক্ষ আছিফ আলী খান আৰু পাৰ্টীৰ গ্ৰেটাৰ লণ্ডনৰ মহিলা শাখাৰ অধ্যক্ষ চমাহ নাজে।

উল্লেখ্য যে আজিৰ পৰা কিছুদিন পূৰ্বে চেইখ ৰছিদে পাকিস্তান পিপলছ পাৰ্টীৰ প্ৰমুখ বিলাৱল ভুট্টো জৰদাৰীক উদ্দেশ্যি কটু মন্তব্য কৰিছিল। আৰু এই কথাত দলটোৰ সাধাৰণ কৰ্মীসকল ৰেইল মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে ক্ষুন্ন হৈ পৰিছিল।

ইফালে এই সমস্ত ঘটনাটোক অতিৰঞ্জিত কৰা হোৱা বুলি মন্তব্য কৰিছে আক্ৰমণকাৰী সকলে। তেওঁলোকে মন্ত্ৰী গৰাকীক কেৱল মাত্ৰ কণী প্ৰক্ষেপ কৰিহে আক্ৰমণ কৰা বুলি মন্তব্য প্ৰদান কৰিছে।

আক্ৰমণকাৰী নেতা দুজনে কয় যে ৰেইল মন্ত্ৰী চেইখ ৰছিদে আমাক ধন্যবাদ জনাব লাগে কিয়নো আমি বিৰোধিতাৰ নামত তেওঁক কেৱল কণীহে প্ৰক্ষেপ কৰিছো।

ইফালে আৱামী মুছলিম লীগে তেওঁলোকৰ নেতা গৰাকীৰ ওপৰত আক্ৰমণ হোৱাৰ কথা স্বীকাৰ কৰাৰ লগতে অতি শীঘ্ৰে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰা হ’ব বুলিও জানিবলৈ দিয়ে।