NORTHEAST NOW (Assamese)
দেশ

হাৰিয়ানাত ভংগ বিজেপি মিত্ৰজোঁটৰ চৰকাৰঃ পদত্যাগ সম্পূৰ্ণ কেবিনেটৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 12, 2024 12:58 pm
Haryana Manohar Lal Khattar

মিত্ৰজোঁটৰ অৱসান ঘটাই আজি হাৰিয়ানাত ভংগ হৈছে বিজেপি আৰু জননায়ক জনতা পাৰ্টিৰ সন্মিলিত চৰকাৰ।  মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ আৰু তেওঁৰ কেবিনেট মন্ত্ৰীসকলে ৰাজভৱনত ৰাজ্যপাল বন্দৰু দত্তত্ৰেয়ক পদত্যাগ পত্ৰ দাখিল কৰে।

অৱশ্যে খট্টৰে পুনৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি বিজেপি নেতা কনোৱাৰ পাল গুৰজাৰে প্ৰকাশ কৰিছে। এইবাৰ বিজেপিয়ে নিৰ্দলীয় বিধায়কৰ সমৰ্থনত চৰকাৰ গঠন কৰিব পাৰে বুলিও চৰ্চা চলিছে।

উল্লেখ্য যে, ২০১৯ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে  ৪০খন আসন লাভ কৰাৰ বিপৰীতে জেজেপিয়ে ১০খন আসন লাভ কৰিছিল। চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসনৰ স্বাৰ্থত বিজেপিয়ে পিছত জেজেপিৰ সৈতে মিত্ৰতা গঢ়ে।

নিৰ্দলীয় বিধায়কৰ সমৰ্থনত গঠন হ’বলগীয়া সম্ভাৱ্য চৰকাৰখনত দুজন উপ-মুখ্যমন্ত্ৰী থাকিব পাৰে বুলি চৰ্চা চলিছে।  দুটা ভিন্ন সম্প্ৰদায়ৰ প্ৰতিনিধিক উপ-মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব দিব পাৰে বুলি জল্পনা কল্পনা চলিছে।