NORTHEAST NOW (Assamese)
অসম

অসম আৰু মিজোৰাম চুক্তি স্বাক্ষৰ ৰাজীৱ গান্ধীৰ ৰাজনৈতিক জীৱনৰ অন্যতম সফলতা : ৰাহুল গান্ধী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 23, 2019 5:29 pm
Himanta Biswa Sarma slams Rahul Gandhi for making spelling error while criticizing PM Modi

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে কয় যে অসম আৰু মিজোৰাম চুক্তি স্বাক্ষৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা।

এই দুখন চুক্তিৰ উপৰিও পঞ্জাৱ চুক্তি ৰাজীৱ গান্ধীৰ ৰাজনৈতিক জীৱনৰ আন এক সফলতা বুলি নিজৰ টুইটাৰত প্ৰকাশ কৰে ৰাহুলে।

৭৫ সংখ্যক জন্মজয়ন্তীত প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীক স্মৰণ কৰি ৰাহুল গান্ধীয়ে অসম, মিজোৰাম আৰু পাঞ্জাৱ চুক্তিয়ে ভাৰতীয় গণতন্ত্ৰক শক্তিশালী কৰিছে বুলি কোৱাৰ লগতে উক্ত ৰাজ্যকেইখনত হিংসা আৰু সংঘৰ্ষৰ অন্ত পেলাই শান্তি প্ৰতিষ্ঠাত সহায় কৰিছে বুলি মত প্ৰকাশ কৰে।

অবৈধ অনুপ্ৰৱেশকাৰীক খেদাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ১৯৭৯ চনত ঐতিহাসিক ছয় বছৰীয়া অসম আন্দোলন আৰম্ভ হৈছিল।

ৰাজীৱ গান্ধীৰ উপস্থিতিত ১৯৮৫ চনৰ ১৫ আগষ্টত স্বাক্ষৰ হোৱা অসম চুক্তিৰ মাধ্যমেৰে অসমৰ বিদেশী খেদা আন্দোলনৰ সমাপ্তি ঘটিছিল।

আনহাতে, কংগ্ৰেছ চৰকাৰ আৰু মিজো নেশ্যনেল ফ্ৰণ্টৰ মাজত ১৯৮৬ চনত হোৱা মিজোৰাম চুক্তিৰ পাছত মিজোৰামৰ হিংসা আৰু বিদ্ৰোহৰ সাম কাটিছিল।

ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে দুয়োখন ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰা হৈছিল।

ৰাজীৱ গান্ধীয়ে ৩১ অক্টোবৰ ১৯৪৮ চনৰ পৰা ২ ডিচেম্বৰ ১৯৮৯ চনলৈ প্ৰধান মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।