NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত তিনিবছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰি হত্যাৰ চেষ্টা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 23, 2019 5:44 pm
rape-pic-12-750x375

গোলাঘাট জিলাৰ শ্যামৰায়পুৰ অঞ্চলৰ এটি তিনি বছৰীয়া কন্যা শিশুক আজি এটা দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যাৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন হৈছে। হত্যাৰ চেষ্টা চলোৱা অভিযুক্তজনক কাৰ্তিক গুৱালা বুলি চিনাক্ত কৰা হৈছে।

পিতৃ-মাতৃ কাম কৰাৰ উদ্দেশ্যে ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ সময়তে কাৰ্তিক গুৱালাই তিনি বছৰীয়া কণমানি কন্যা শিশুটিক নিজৰ ঘৰলৈ ফুচুলাই নি ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন হৈছে।

পিছত পৰিয়ালৰ লোকে কন্যা শিশুটিক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে। বৰ্তমান চিকিৎসালয়ত কণমানি কন্যা শিশুটি মৃত্যুৰে যুঁজি আছে বুলি জানিব পৰা গৈছে।

আনহাতে শিশুটিৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত বগিজান আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে বৰ্তমান ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে যদিও অভিযুক্ত কাৰ্তিকক আটক কৰিবলৈ সক্ষম হোৱ নাই। যিহেতু কাৰ্তিক বৰ্তমান পলাতক অৱস্থাত আছে।

ইফালে স্থানীয় ৰাইজে তিনি বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰি হত্যাৰ চেষ্টা চলোৱা তথা অভিযুক্ত কাৰ্তিক গুৱালাক অতি শীঘ্ৰে আটক কৰি কঠোৰ শাস্তি দিয়াৰ দাবী তুলিছে।