NORTHEAST NOW (Assamese)
অসম

চূড়ান্ত এন আৰ চি প্ৰকাশৰ পূৰ্বে ৰাজ্যৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে মুখ্য মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 24, 2019 9:24 am
DSC_7155

অহা ৩১ আগষ্টত প্ৰকাশ পাবলগীয়া চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি) প্ৰকাশৰ পূৰ্বৰ আৰু পৰৱৰ্তী পৰ্যায়ৰ আইন-শৃংখলা জনিত পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যেৰে শুকুৰবাৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক সমাজৰ গণ্য-মান্য আৰু নেতৃস্থানীয় লোকসকলৰ লগত সুসম্পৰ্ক বজাই ৰাখিবলৈ আহ্বান জনাই মুখ্য মন্ত্ৰী সোণোৱালে এন আৰ চি প্ৰক্ৰিয়াটোৰ সম্পৰ্কত জনসাধাৰণৰ মাজত যাতে কোনো ভুল বুজা-বুজি হ’ব নোৱাৰে সেইটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

জনপ্ৰতিনিধি যেনে-বিধায়ক, জিলা পৰিষদৰ সদস্য, পঞ্চায়তৰ সদস্য আৰু বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা ইত্যাদিৰ লেখীয়া সংগঠনৰো সহায় ল’বলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে যাতে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত প্ৰস্তুত হোৱা এন আৰ চি সম্পৰ্কত সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণক প্ৰকৃতাৰ্থত বিষয়টো অৱগত কৰিব পৰা যায়।

মুখ্য মন্ত্ৰীয়ে লগতে কয় যে যি সকলৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকে যে আইনগত সুবিধা লাভ কৰিব সেই বিষয়টো অৱগত কৰিবলৈও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক বিবৃতিযোগে যিসকলৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নহয় তেওঁলোকক বিদেশী হিচাপে গণ্য কৰা নহ’ব বুলি নিশ্চিতি প্ৰদান কৰিছে বুলি কয়।

কেবল বিদেশী ন্যায়াধীকৰণতহে কেতবোৰ বিধি সন্মত প্ৰক্ৰিয়াৰ জৰিয়তে এগৰাকী ব্যক্তিক বিদেশী হিচাপে ঘোষণা কৰিব পাৰে বুলিও সোণোৱালে উল্লেখ কৰে।

দেশৰ ভিতৰতে প্ৰথম বাৰলৈ অসমত এন আৰ চি উন্নীতকৰণ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক তেওঁলোকৰ সংশ্লিষ্ট জিলা সমূহৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়ে যাতে বিভিন্ন অংশীদাৰীৰ লগত আলোচোনাৰ জৰিয়তে এন আৰ চিৰ সম্পৰ্কত শুদ্ধ বাৰ্তা প্ৰেৰণ কৰিব পৰা যায়।

মুখ্য মন্ত্ৰীয়ে আশা প্ৰকাশ কৰি কয় যে এন আৰ চি খচৰা প্ৰকাশৰ সময়তো জনসাধাৰণে আইন-শৃংখলা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত আন্তৰিকতাৰে সহায়-সহযোগিতা আগবঢ়াইছিল। এইবাৰো এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ সময়ত অনুৰূপ সহায়-সহযোগিতা আগবঢ়াব বুলি মুখ্য মন্ত্ৰীয়ে কয়।

মুখ্য মন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াৰ যোগেদি যাতে মিছা প্ৰচাৰ আৰু ভুল তথ্য বিয়পাই দিব নোৱাৰে তাৰ বাবে যুৱ প্ৰজন্মক সচেতন কৰাৰ বাবেও যথোচিত ব্যৱস্থা ল’বলৈ আৰক্ষী অধীক্ষক সকলক নিৰ্দেশ দিয়ে।

বৈঠকত সোণোৱালে ৰাজ্যৰ ১ লাখ ভূমিহীন লোকক মাটি পট্টা দিয়াৰ বাবে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপক নিশ্চিত ৰূপ দিয়াৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ জিলা উপায়ু্ক্ত সকলক নিৰ্দেশ দিয়ে।