NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়ক সোনকালে অনাৰ দাবীৰে শিলচৰত বিশ্ব হিন্দু পৰিষদৰ হুংকাৰ

Posted by: অনিৰুদ্ধ লস্কৰ Updated by: অনিৰুদ্ধ লস্কৰ August 24, 2019 10:08 pm

শিলচৰত আজি বিশ্ব হিন্দু পৰিষদে এইবুলি চৰকাৰলৈ আহ্বান জনাইছে যে প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কখন অতি শীঘ্ৰে আনিব লাগে। এই বিধেয়কখন আনি এন আৰ চিৰ পৰা বাদ পৰাৰ সম্ভাৱনা থকা লোকসকলক ভাৰতীয় নাগৰিকত্ব দি এন আৰ চিত অন্তৰ্ভুক্ত কৰিব লাগে।

৩১ আগষ্টত প্ৰকাশ পাব লগীয়া এন আৰ চিৰ পৰা অনেক হিন্দুৰ নাম বাদ পৰাৰ সম্ভাৱনা প্ৰকাশ কৰি এই দাবী কৰিছে কাছাৰ জিলাৰ বিশ্ব হিন্দু পৰিষদৰ উপসভাপতি মিঠুন নাথে।

এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাৰ সম্ভাৱনা লোকসকল আতংকিত হৈ আছে বুলি নেতাজনে মন্তব্য কৰে।

তেওঁ কয়, ভাৰতত কোনো হিন্দু বিদেশী হ’ব নোৱাৰে, বিশ্ব হিন্দু পৰিষদ এইটো স্পষ্ট স্থিতি”।

তেওঁ বাংলাদেশৰ পৰা অহা হিন্দুসকলে তাত মাৰ খাই ভাৰতলৈ অহা বুলি কয়। নিজৰ ইজ্জত বচাবৰ বাবেও ভাৰতলৈ অহা বুলি কয়।

প্ৰতিজন হিন্দুৰ নাম এন আৰ চিৰ তালিকাত থাকিব লাগিব বুলি দাবী কৰি নেতাজনে কয়, যিসকলৰ নাম নাই, সেইসকলৰ নাম অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰিব লাগিব চৰকাৰে।”

বাংলাদেশৰ পৰা অহা হিন্দুসকলক নাগৰিকত্ব দিবলৈ বিল অনাৰ দৰকাৰ আছে। আৰু যদি নানে তেন্তে যেনে ধৰণৰ আন্দোলনৰ প্ৰয়োজন তেনেকৈ আন্দোলন কৰা হ’ব বুলি এক প্ৰকাৰৰ হুমকি দিয়ে নেতাজনে।

সংগঠনটোৱে আজি ইয়াৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শিলচৰ চহৰত এটা বাইক সমদল উলিয়াইছিল, য’ত প্ৰায় ২০০০ বজৰং দল কৰ্মী আৰু বিশ্ব হিন্দু পৰিষদৰ কৰ্মীয়ে অংশগ্ৰহণ কৰিছিল।