NORTHEAST NOW (Assamese)
অসম

ভাইৰেল মুখ্য মন্ত্ৰী সোণোৱালৰ কথনভংগিৰ “ভেৰাকুটি”; অসমৰ শ্যাম ৰংগীলা হ’বগৈ নেকি কৃষ্ণ বি থাপা?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 25, 2019 5:47 pm
Krishna_Rangeela

ৰাজ্যখনৰ মুখ্য মন্ত্ৰীৰ বৈশিষ্ট্যসূচক কথনভংগিৰ ভেৰাকুটি (mimicry) কৰা এটা ভিডিঅ’ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত জনপ্ৰিয় হোৱা দেখা গৈছে।

কৃষ্ণ বি থাপা নামৰ এজন যুৱকে নিজৰ ম’বাইলেৰে ৰেকৰ্ডিং কৰা মুখ্য মন্ত্ৰীজনৰ প্ৰায় সাইলাখ কণ্ঠৰ এই ভেৰাকুটিৰ ভিডিঅ’টো বেছ আমোদ প্ৰকাশক মন্তব্যৰ সৈতে ফেচবুকত ঘূৰি ফুৰা দেখা গৈছে।

২৩ আগষ্টত দিয়া নিজৰ টাইমলাইনত ভিডিঅ’টো আপল’ড কৰোঁতে যুৱকজনে লিখিছে, “কিনো কথা কৈছে আমাৰ CM চাৰে অলপ মন দি শুনকচোন বাৰু।”

“পৰম শ্ৰধাৰ ৰাইজ, আপোনালোকক বিদেশীমুক্ত”, “সন্ত্ৰাসমুক্ত, প্ৰদূষণমুক্ত অসম গঢ়ি তোলাৰ নিমিত্তে” এই ধৰণৰ বৈশিষ্ট্যসূচক কথাবোৰৰ লগতে সামৰি লৈছে, “আপোনালোকক আন্তৰিকতাৰে আহ্বান জনাইছো”, “বৰাক-ব্ৰহ্মপুত্ৰ,পাহাৰ-ভৈয়াম” আদিৰ দৰে সোণোৱালৰ “বিখ্যাত” কিছুমান বাক্যাংশ, মন্তব্যকো।

সোণোৱালৰ কণ্ঠ আৰু ভংগিমাৰ প্ৰায় কাষ চাপিব পৰা এই ভেৰাকুটি শ্যাম ৰংগীলা নামৰ যুৱকজনে প্ৰধান মন্ত্ৰী মোদী আৰু কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীৰ ভেৰাকুটি কৰাৰ লগত তুলনা কৰিছে অসমৰ ছ’চিয়েল মিডিয়া য়ুজাৰে।

শ্যাম ৰংগীলাই বিশেষকৈ মোদীৰ কণ্ঠ আৰু কথনশৈলী অবিকল ভেৰাকুটি কৰি দেশজুৰি চৰ্চা লাভ কৰিছিল। তেওঁ Star Plus নামৰ ব্যক্তিগত খণ্ডৰ টি ভি চেনেলটোৰ The Great Indian Laughter Challenge নামৰ এটা শ্ব’ৰ বাবে এই ভেৰাকুটি কৰিছিল যদিও সেয়া চেনেলটোৱে প্ৰচাৰ নকৰিলে। কিন্তু শ্যাম ৰংগীলাৰ এই ভিডিঅ’টো লাখ লাখ ভিউৱাৰে য়ু টিউবত দৰ্শন কৰিছিল।

এই পৰ্য্যন্ত কৃষ্ণ বি থাপাৰ ভিডিঅ’টোত শতাধিক কমেণ্ট পৰিছে, যিবোৰৰ প্ৰায়বোৰেই তেওঁক “প্ৰতিভা”ৰ প্ৰশংসা কৰা দেখা গৈছে। কিছুমানৰ দাবী, হিমন্তৰো এনেকুৱা ভেৰাকুটি লাগে।