NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ অগৰাতলি বনাঞ্চলৰ গৰুমৰা জানৰ পাৰত বৰগছ ৰোপণ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া August 26, 2019 4:27 pm

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব বনাঞ্চল অগৰাতলিৰ সীমাত গৰুমৰা জানৰ পাৰত আজি দেৱজিত গগৈ আৰু তৰুন হাজৰিকাৰ উদ্যোগত বৰগছৰ ২০ টা পুলি ৰোপণ কৰা হয়।

এই উপলক্ষ্যে অগৰাতলি বনাঞ্চলৰ প্ৰৱেশ দ্বাৰত আয়োজিত এক অনুষ্ঠানত পূূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়া, গোলাঘাটৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া, জ্যেষ্ঠ সাংবাদিক বল্লভ গোস্বামী, সহকাৰী বন সংৰক্ষক অৰুণ বিঘ্নেশ, ঋতুপৱন বৰা, বানাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰা, বোকাখাতৰ সাংবাদিক দিব্যজ্যোতি হাজৰিকা আৰু সুদিপ্ত তামুলী উপস্থিত থাকে।

ক্ৰমে নাইকীয়া হৈ যোৱা বৰগছৰ ২০ টা পুলি অতি কষ্টৰে সংগ্ৰহ কৰি আজি গৰুমৰা জানৰ পাৰত বন্যপ্ৰাণীৰ লগতে পৰ্যটকৰ সহায় হোৱাকৈ ৰোপণ কৰা বুলি দেৱজিত গগৈয়ে জনায়।

তেওঁ লগতে কয়, ‘বৰগছে একোখন কাঠনিৰ কাম কৰে। বৰগছ উৎপাদনত বন বিভাগ সফল হ’ব নোৱাৰাৰ বাবে মই অতি কষ্টৰে বৰগছ সংৰক্ষণ প্ৰচেষ্টা হাতত লৈছো’।

সাংবাদিক অৰূপ বল্লভ গোস্বামীয়ে দেবজিত গগৈ আৰু তৰুণ হাজৰিকাৰ প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে এই বৰগছে বানাক্ৰান্ত অঞ্চলটোত গঢ়াখহনীয়া ৰোধ কৰাৰ উপৰিও প্ৰায় ৬০ প্ৰজাতিৰ চৰাইক আহাৰ যোগানো ধৰিব বুলি মন্তব্য কৰে।