NORTHEAST NOW (Assamese)
অসম

শীঘ্ৰেই অসমীয়া আখৰেৰেও ইমেইল ঠিকনা খোলাৰ সুবিধা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 26, 2019 5:04 pm
Dr Ajay Data

ডেটা এক্সজেন নামৰ এটা ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানে অচিৰেই অসমীয়াকে ধৰি নিচে কমেও ১৫টা ভাৰতীয় ভাষাৰ আখৰবোৰ ব্যৱহাৰ কৰি ইমেইল ঠিকনা খোলাৰ সুবিধা দিব।

ডেটামেইল নামৰ এটা ইমেইল এপ্লিকেইশ্যনৰ জৰিয়তে এয়া সম্ভৱ হ’ব”, প্ৰতিষ্ঠানটোৱে এটা প্ৰেছ বিজ্ঞপ্তিত কয়।

এই ডেটামেইলৰ মাধ্যমত ইতিপূৰ্বে কেইবাটাও বিদেশী ভাষাৰ লগতে হিন্দী, বাংলা, মাৰাঠী, উৰ্দু, পাঞ্জাবী আদিকে ধৰি কেইবাটাও ভাৰতীয় ভাষাৰ আখৰ ব্যৱহাৰ কৰি ইমেইল ঠিকনা ব্যৱহাৰ কৰাৰ সুবিধা দিয়া হৈছে।

প্ৰতিষ্ঠানটোৱে জনোৱামতে, শেহতীয়াকৈ ইয়াত সংযোগ কৰা হ’ব অসমীয়া, উৰিয়া, মালয়ালম আৰু কানাড়া ভাষাৰ আখৰত ইমেইল ঠিকনা খোলাৰ সুবিধা।

বিজ্ঞপ্তিখনত কোৱা হয় যে ‘ডেটামেইল’ হৈছে বিশ্বৰ প্ৰথম ভাষিক ইমেইল এপলিকেশ্যন, যাক ডেটা এক্সজেন টেকন’লজিছে ডেভেলপ কৰিছে আৰু ই হৈছে বিনামূলীয়া ই মেইল সেৱা, য’ত এগৰাকী ব্যক্তিয়ে তেওঁৰ মাতৃভাষাত ইমেইল ঠিকনা নিৰ্মাণ কৰিব পাৰে আৰু তেওঁ বিচৰা ভাষাত ইমেইল যোগাযোগ স্থাপন কৰিব পাৰে।

ই ভাষিক অন্তৰায় নিৰসন কৰিবলৈ প্ৰয়াস কৰি আহিছে। এই অন্তৰায় আঁতৰ কৰাৰ বাবে প্ৰযুক্তি প্ৰতিষ্ঠানটোক প্ৰায় দুটা দশক সময় লাগিল। প্ৰতিষ্ঠানটোৱে এতিয়ালৈকে ২০-টাৰো অধিক ভাষাত সেৱা আগবঢ়াই আহিছে আৰু এইবছৰ ৩০টা ভাষাৰ সীমা স্পৰ্শ কৰাটো আমাৰ পৰিকল্পনা।

বিজ্ঞপ্তিটোত ডেটা এক্সজেন টেকন’লজিছৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া ডঃ অজয় ডেটাই কয়, “অসমীয়া কেৱল অসমৰেই ভাষা নহয়, ই হৈছে ভাৰতৰ এটা গুৰুত্বপূৰ্ণ ভাষা। ১৫নিযুতৰো অধিক লোকে এই ভাষাত কথা কয় আৰু এতিয়ালৈ তেওঁলোকে নিজৰ ভাষাটোত ইমেইল ঠিকনা বনাব নোৱাৰে।”

ডঃ ডেটা আন্তৰ্জাতিক ইণ্টাৰনেট কৰ্তৃপক্ষ (আই চি এ এন এন)ৰ চি চি এন এছ অ’ (কাণ্ট্ৰি কোড নেম ছিলেক্টিং কমিটী)ৰ সদস্য হিচাপে নিৰ্বাচিত প্ৰথমগৰাকী ভাৰতীয়, বিজ্ঞপ্তিটোত কোৱা হয়।

উল্লেখ কৰিব পাৰি যে Google-এ এতিয়ালৈকে কেৱল Latin character দিহে ইমেইল ঠিকনা খোলাৰ সুবিধা আগ বঢ়ায়।