NORTHEAST NOW (Assamese)
অসম

ডিটেনশ্যন কেম্পৰ পৰা মুকলি কৰি দিয়া হ’ল বিদেশী ঘোষিত ৯গৰাকী লোকক

Posted by: ছফিকুল আহমেদ Updated by: ছফিকুল আহমেদ August 27, 2019 7:02 am
Foreigners-Tribunal

অসম চৰকাৰে চলিত আগষ্ট মাহত তিনিটা পৰ্যায়ত ৯ গৰাকী বিদেশী ঘোষিত লোকক মুকলি কৰি দিছে।

নামনি অসমৰ গোৱালপাৰাৰ ডিটেনশ্যন কেম্পৰ পৰা উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া নিৰ্দেশনাৰ ভিত্তিত উক্ত লোককেইগৰাকীক মুকলি কৰি দিয়া হয়।

তিনি বছৰ বা ততোধিক সময়ৰ পাছত মুকলি আকাশৰ তললৈ অহা এই কাৰাবন্দী কেইগৰাকী হৈছে, মন্নত আলী, ছানাউল্লাহ শ্বেখ, সুজিত সৰকাৰ, নূৰ মহম্মদ, শ্যামল ঘোষ, ৰবি দে, সাধন সৰকাৰ আৰু ৰহিম আলী।

মন্নত আলীক যোৱা ৫ আগষ্টত, বাকী চাৰি গৰাকীক ৯ আগষ্টত আৰু শেহৰ ৪ গৰাকীক ১৯ আগষ্টত মুকলি কৰি দিয়া হৈছে।

মন্নত আলী চিৰাং জিলাৰ হোৱাৰ বিপৰীতে বাকী আটাইকেইগৰাকী গোৱালপাৰা জিলাত বসবাস কৰি থকা লোক।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি, মুকলি কৰি দিয়া লোককেইগৰাকীৰ সকলো আইনী চৰ্ত ৰাজ্যৰ গৃহ তথা ৰাজনৈতিক বিভাগে সম্পূৰ্ণ কৰিছে।

ইয়াৰ ভিতৰত আছে ভাৰতীয় নাগৰিকৰ পৰা এক লাখ টকাৰ জামিন দলিলসহ এখন চুক্তিপত্ৰ (বণ্ড)ৰ লগতে মুকলি হোৱাৰ পাছত তেওঁলোকে থকা ঠিকনাৰ বিতং তথ্য আৰু এক সুৰক্ষিত তথ্যভাণ্ডাৰত বায়’মেট্ৰিক সৱিশেষ।

তেওঁলোকে লগতে মুকলি কৰি দিয়া সময়ত বান্ধি দিয়া নিৰ্দিষ্ট আৰক্ষী থানাত সপ্তাহত এবাৰ দেখা দিব লাগিব আৰু থকাৰ ঠিকনা সলনি হ’লে শীঘ্ৰেই জনাব লাগিব।

সৰ্বোচ্চ ন্যায়ালয়ে যোৱা মাহত ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি তিনি বছৰততকৈ অধিক কাল ডিটেনশ্যন কেম্পত থকা ঘোষিত বিদেশীৰ চৰ্ত সাপেক্ষ মুক্তিৰ ৰাজ্য চৰকাৰ প্ৰস্তাৱত অনুমোদন জনাইছিল।

গোৱাৰপাৰা, কোকৰাঝাৰ, শিলচৰ, তেজপুৰ, ডিব্ৰুগড় আৰু যোৰহাটৰ জিলা কাৰাগাৰৰ ভিতৰত ছয়টা ডিটেনশ্যন কেম্প স্থাপন কৰা হৈছে।

উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত অসমত চলি থকা এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ অন্তিম পৰ্যায়ত অহা ৩১ আগষ্টত চূড়ান্ত এন আৰ চি প্ৰকাশৰ দিন ধাৰ্য কৰা হৈছে।