NORTHEAST NOW (Assamese)
Popular Stories

মন্দাৱস্থাৰ জোৰা মাৰিবলৈ কেন্দ্ৰলৈ ৰিজাৰ্ভ বেংকৰ ১.৭৬ লাখ কোটি টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 27, 2019 11:36 am

দেশত চলি থকা আৰ্থিক মন্দাৱস্থাৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকে কেন্দ্ৰীয় চৰকাৰলৈ ১.৭৬ লাখ কোটি টকা হস্তান্তৰ কৰাত অনুমোদন জনাইছে।

২৬ আগষ্ট, সোমবাৰে আৰ বি আইৰ গৱৰ্নৰ শক্তিকান্ত দাসৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৰ্ড মিটিঙৰ পিছতে ৰিজাৰ্ভ বেংকে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটোৰ কথা সদৰী কৰে।

উক্ত সিদ্ধান্তমৰ্মে ৰিজাৰ্ভ বেংকে কেন্দ্ৰলৈ মুঠ ১,৭৬,০৫১ কোটি টকা মোকলাই দিব।

উল্লেখযোগ্য যে এই ধনখিনি ২০১৮-১৯ চনৰ সময়ছোৱাৰ চৰকাৰৰ অংশ ১.২৩ লাখ কোটি টকা আৰু ৰিজাৰ্ভ বেংকৰ ওচৰত জমা থকা অতিৰিক্ত ৫২,৬৩৭ কোটি টকা।

ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰ বিমল জালানৰ নেতৃত্বত গঠিত কমিটিৰ অনুমোদনমৰ্মে ব’ৰ্ডে ১.৭৬ লোখ কোটি টকা মোকলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

যোৱা ১৪ আগষ্টত উক্ত কমিটিয়ে অতিৰিক্ত পুঁজি হস্তান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

লক্ষণীয় যে ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰ ৰঘুৰাম ৰাজনৰ কাৰ্যকালত অতিৰিক্ত পুঁজি হস্তান্তৰৰ বিষয়টোয়ে আৰ বি আই আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত মতপাৰ্থক্যৰ সৃষ্টি কৰিছিল।

উৰ্জিৎ পেটেলৰ দিনত উক্ত মতপাৰ্থক্যই গুৰুতৰ ৰূপ লয় আৰু ফলত যোৱা বৰ্ষৰ ডিচেম্বৰত পেটেলে আৰ বি আইৰ গৱৰ্নৰৰ দায়িত্বৰ পৰা পদত্যাগ কৰিছিল।

ইয়াৰ পিছতে শক্তিকান্ত দাস ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ হিচাপে নিযুক্ত হয়। দাস গৱৰ্নৰ হোৱাৰ পিছতে বিমল জালানৰ কমিটিখন গঠন কৰা হৈছিল।