NORTHEAST NOW (Assamese)
অসম

ছিংগাপুৰৰ চলচ্চিত্ৰ নিৰ্মাতা এৰিক খুক বিশ্বৰত্ন ভূপেন হাজৰিকা বঁটা প্ৰদান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 27, 2019 2:50 pm
bhupu-singi-680x375

ছিংগাপুৰৰ প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা এৰিক খুক সোমবাৰে বিশ্বৰত্ন ড০ ভূপেন হাজৰিকা আন্ত:ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়।

ছিংগাপুৰত থকা ভাৰতীয় উচ্চায়ুক্ত জাৱেদ আশ্ৰফে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীক  সোমবাৰে বঁটাটো প্ৰদান কৰে।

এই বঁটাত আছে এখন প্ৰশস্তি পত্ৰ, স্মৃতিগ্ৰন্থ, ‘ছেলেং চাদৰ’, এটোপোলা গ্ৰন্থ আৰু ৫ লাখ টকাৰ এখন চেক।

অসমৰ সাংস্কৃতিক জগতৰ মহানায়ক ড০ ভূপেন হাজৰিকাৰ নামত বঁটাটো প্ৰৱৰ্তন কৰিছে অসম সাহিত্য সভাই আৰু নুমলীগড় শোধানাগাৰ লিমিটেডে ইয়াক স্প’নছৰ কৰিছে।

খু ছিংগাপুৰৰ এগৰাকী প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক তথা প্ৰযোজক আৰু  ছিংগাপুৰৰ চলচ্চিত্ৰ উদ্যোগক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত তেওঁৰ বিশেষ ভূমিকা আছে।

তেওঁ ২০১৭ বৰ্ষৰ ৭০ সংখ্যক কাঁন চলচ্চিত্ৰ মহোৎসৱৰ চুটি আৰু বিদ্যাৰ্থী শাখাৰ চলচ্চিত্ৰৰ বিচাৰকৰ এগৰাকী সদস্য হিচাপে নিৰ্বাচিত ছিংগাপুৰৰ প্ৰথমগৰাকী চলচ্চিত্ৰ পৰিচালক।

খু’ৰ চলচ্চিত্ৰ মী প’ক মেন আৰু টুৱেলভ ষ্ট’ৰেছ ভেনিচ. বাৰ্লিন আৰু ৰ’টাৰডামৰ দৰে সন্মানীয় মহোৎসৱকে ধৰি ৬০ খন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে।

তেওঁ ছিংগাপুৰ চলচ্চিত্ৰ আয়োগ গঠনতো বিশাল ভূমিকা গ্ৰহণ কৰিছিল।

এৰিক খু’ৱে নোস্যনেল আৰ্টছ কাউন্সিল ইয়ং আৰ্টিষ্ট এৱাৰ্ড আৰু ছিংগাপুৰ য়ুথ এৱাৰ্ডৰ দৰে বঁটাৰ দ্বাৰাও সন্মানিত হৈছে।

তেওঁৰ কেইখনমান উল্লেখযোগ্য ছবিৰ ভিতৰত আছে ‘বি উইথ মী’, ‘881’, ‘মাই মেজিক’, ‘টাটছুমি’, ‘ছেভেন লেটাৰছ’ আৰু ‘এপ্ৰেন্টছ’।

বিশ্বৰত্ন ড০ ভূপেন হাজৰিকা আন্ত:ৰাষ্ট্ৰীয় বঁটা২০১৭’ যোৱা বছৰ শ্ৰীলংকাৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা প্ৰসন্ন ভিথানাগেক গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত প্ৰদান কৰা হৈছিল।