NORTHEAST NOW (Assamese)
Popular Stories

অসমৰ বিজেপি বিধায়কৰ মন্তব্য; ভগৱান শ্ৰীকৃষ্ণৰ সুৰত বাঁহী বজালে গাই গৰুৱে বেছি গাখীৰ দিয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 27, 2019 4:20 pm
Dilip kumar paul image

‘‘ভগৱান শ্ৰী কৃষ্ণৰ বাঁহীৰ সুৰত বজোৱা বাঁহীৰ মাত শুনিলে গাই গৰুৱে বেছিকৈ গাখীৰ দিয়ে’’এই মন্তব্য অসমৰ বিজেপিৰ বিধায়ক দিলীপ কুমাৰ পলৰ।

বৰাক উপত্যকাৰ শিলচৰৰ বিজেপিৰ বিধায়ক দিলীপ কুমাৰ পলে শনিবাৰে তেওঁৰ নিজৰ সমষ্টিত অনুষ্ঠিত হোৱা এখন সাংস্কৃতিক অনুষ্ঠানত ভাষণ দি এনেদৰে দাবী কৰে।

‘‘মই উপস্থিত ৰাইজক নৃত্য আৰু গীতৰ যোগাত্মক দিশ সম্পৰ্কে বুজাই কৈছো লগতে বৈজ্ঞানিকভাৱে কেনেদৰে শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰত বজোৱা বাহীৰ মাত শুনিলে গৰুৱে বেছিকৈ গাখীৰ দিয়ে সেই সম্পৰ্কতো কৈছো’’-মঙলবাৰে পলে কয়।

যেতিয়া বিধায়ক গৰাকীক তেওঁ দাবী কৰা গৱেষণা সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল, বিধায়কগৰাকীয়ে গুজৰাটৰ এটা বেচৰকাৰী সংস্থাই কেইবছৰমান আগতে বাঁহীৰ সুৰ আৰু গাখীৰ উৎপাদন বৃদ্ধিৰ মাজত থকা সম্পৰ্কক প্ৰমাণ কৰিছিল বুলি উত্তৰ দিয়ে।

আনহাতে, বিদেশৰ গাই গৰুৱে দিয়া গাখীৰ শুদ্ধ বগা হোৱাৰ বিপৰীতে ভাৰতীয় গাই গৰুৱে দিয়া গাখীৰ ঈষৎ হালধীয়া হয় আৰু ই বেছি উপকাৰী আৰু সোৱাদযুক্ত হয় বুলি বিধায়কগৰাকীয়ে কোৱাৰ লগতে ভাৰতীয় গাই গৰুৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা ঘি, মাখন আদি বিদেশৰ গাই গৰুৰ তুলনাত অধিক সোৱাদযুক্ত হয় বুলিও মন্তব্য কৰে।

তদুপৰি, বিধায়ক পলে অসম, মেঘালয়, পশ্চিম বংগ আৰু ত্ৰিপুৰা সীমান্তৰে ভাৰতৰ পৰা বাংলাদেশলৈ চলি থকা অবৈধ গৰুৰ চালান সম্পৰ্কতো উদ্বেগ প্ৰকাশ কৰি শীঘ্ৰে ইয়াৰ সমাধান হোৱাটো বিচাৰে।

‘‘আমি গৰুক গো-মাতা বুলি কওঁ কিন্তু প্ৰতিবছৰে বাংলাদেশলৈ হাজাৰ হাজাৰ গৰু সৰবৰাহ কৰা হয় গতিকে এই কাৰ্য্য বন্ধ হ’ব লাগে’’-বিধায়কগৰাকীয়ে কয়।

যদিও কৃষ্ণৰ বাঁহীৰ সুৰত বাঁহী বজালে গাই গৰুই বেছি গাখীৰ দিয়া বিষয়টো বিতৰ্কিত কিন্তু লিচেষ্টাৰ বিশ্ববিদ্যালয়ৰ দুগৰাকী মনঃস্তাত্তিকে ২০০১ চনত গাই গৰুৱে মৃদু সংগীত শুনিলে ৩ শতাংশ অধিক গাখীৰ দিয়ে বুলি প্ৰমাণ কৰি দেখুৱাইছিল।

গৱেষক দুগৰাকীয়ে কৰা পৰীক্ষাত ৰেমৰ ‘এভৰি দ্যে হাৰ্টছ’ আৰু চিমন আৰু গাৰফুংকেলছৰ ‘ব্ৰীজ অভাৰ ট্ৰাব’ল ৱাটাৰ’ গীত দুটা গাই গৰুক গাখীৰ দিয়াৰ বাবে উপযোগী হিচাপে বিৱেচিত হৈছিল আনহাতে ওৱাই টু ই য়ুৰো ক্লাৱ ক্লাছিক যেনে মাউচি টি বনাম হট এণ্ড জুইচিছ হৰ্নিয়ে ভাল ফলাফল দিয়াত ব্যাৰ্থ হৈছিল।