NORTHEAST NOW (Assamese)
অসম

আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস, সেইগৰাকী খেলুৱৈৰ স্মৃতিত যাৰ হকী ষ্টিকত চুম্বক থকা বুলি ভাঙি পেলোৱা হৈছিল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 29, 2019 12:02 pm
Dhyan Chand

হকীৰ যাদুকৰখ্যাত মেজৰ ধ্যানচান্দৰ ১১৪ সংখ্যক জন্মদিৱস উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি পালন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস।

ধ্যানচান্দৰ নেতৃত্বতে ভাৰতৰ হকী দলে অলিম্পিকত স্বৰ্ণ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। যাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত এক সুকীয়া স্থানত উপনীত হয় ভাৰত।

ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰত ধ্যানচান্দে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰতিবছৰে ২৯ আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়।

হকীৰ যাদুকৰ নামেৰে বিশ্ববাসীয়ে চিনি পোৱা এই মহান খেলুৱৈ গৰাকীয়ে ১৯০৫ চনৰ ২৯ আগষ্টত এলাহাবাদত জন্ম গ্ৰহণ কৰিছিল।

ফুটবলত পেলে আৰু ক্ৰিকেটত যেনেকৈ ডন ব্ৰেডমেনক কোৱা হয় ঠিক তেনেদৰে হকীত ধ্যানচান্দক গণ্য কৰা হয়। তেওঁৰ খেল শৈলীৰ আছিল বহু অনুৰাগী।

আনকি তেওঁৰ খেলৰ প্ৰতি আকৃষ্ট হৈয়ে হিটলাৰে তেওঁক জাৰ্মানীৰ নাগৰিকত্ব আগবঢ়োৱা বুলিও জানিব পৰা যায়।

প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি ১৬ বছৰ বয়সতে ধ্যানচান্দে এজন সাধাৰণ চিপাহী হিচাপে সেনাত ভৰ্তি হয়। সেনাত ভৰ্তি হোৱাৰ সময়ত হকীৰ প্ৰতি বিশেষ ৰাপ নাছিল ধ্যানচান্দৰ।

কিন্তু পাছলৈ তেওঁৰ ৰেজিমেণ্টৰে এজন চুবেদাৰে ধ্যানচান্দক হকী খেলাত উৎসাহ তথা প্ৰেৰণা যোগায়।

ভাৰত তথা বিশ্বৰ এই মহান খেলুৱৈ গৰাকীয়ে ভাৰতৰ হৈ তিনিখন অলিম্পিকত অংশ লৈছিল। আৰু এই তিনিওটা অলিম্পিকতে ধ্যানচান্দে দেশৰ হৈ স্বৰ্ণ অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

হকীৰে বিশ্ববাসীক মোহাচ্ছন্ন কৰা ধ্যানচান্দৰ সৈতে কেইবাবাৰো আচৰিত ঘটনা সংঘটিত হৈছে। এবাৰ হলেণ্ডত খেলি থকা অৱস্থাতে ধ্যানচান্দৰ হকী ষ্টিকত চুম্বক লগোৱা বুলি সন্দেহ প্ৰকাশ কৰি ষ্টিকডাল ভাঙি চাইছিল।

আন এটা ঘটনা অনুসৰি এবাৰ জাপানত খেলা এখন মেচত ধ্যানচান্দৰ ষ্টিকত বলটো লাগি থকাৰো অভিযোগ উত্থাপিত হৈছিল।

এই মহান খেলুৱৈ গৰাকীয়ে ভাৰতীয় হকীক যি স্থানত প্ৰতিষ্ঠিত কৰিছে সেই স্থান বেলেগে লোৱাটো সহজসাধ্য নহ’ব।

ধ্যানচান্দক ১৯৫৬ চনত পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হৈছিল।

ইফালে আজিৰ এই দিনটোতে ক্ৰীড়া ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰা খেলুৱৈ সকলক ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় খেল পুৰস্কাৰেৰে সন্মানিত কৰে।

আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেলৰত্ন, দ্ৰোণাচাৰ্য, অৰ্জুন বঁটা, ধ্যানচান্দ বঁটাৰ লগতে অন্যান্য বঁটা প্ৰদান কৰিব।