NORTHEAST NOW (Assamese)
অসম

লক্ষীমপুৰত শোকাৱহ পথ দুৰ্ঘটনা, তিনিজন নিহত

Posted by: এন ই নাও নিউজ January 30, 2018 10:41 pm
Road accident illustration

মঙলবাৰে লক্ষীমপুৰৰ লালুকত এখন বলেৰ’ আৰু ইয়নৰ মাজত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত তিনি গৰাকী লোকে প্ৰাণ হেৰুৱাব লগীয়া হয়।

প্ৰাপ্ত খবৰ অনুসৰি আজিৰ পুৱাৰ ভাগত বিপৰীত দিশৰ পৰা তীব্ৰ বেগত আহি থকা উক্ত গাড়ী দুখনৰ এখনে নিয়ন্ত্ৰণ হেৰুৱাই আনখন গাড়ীত খুণ্ডা মৰাৰ ফলত ইয়নত থকা আৰোহী কেইজনৰ মৃত্যু হোৱাৰ লগতে বলেৰৰ আৰোহী কেইজন গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাটোৰ ফলত নিহত দুজন ব্যক্তিক কুমুদ পাছনি আৰু ফাৰুক আহমেদ বুলি চিনাক্ত কৰা হৈছে যদিও তৃতীয়জন ব্যক্তিক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।

জানিব পৰা মতে তিনিওজন অৰুণাচল প্ৰদেশৰ এখন শিক্ষানুষ্ঠানৰ বি ফাৰ্মৰ ছাত্ৰ আছিল।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ গাড়ী দুখন জব্দ কৰাৰ লগতে তিনিওটা মৃতদেহক মৰণোত্তৰ পৰিক্ষাৰ বাবে পঠিয়াই।