১ এপ্ৰিলৰ পৰা অচল হৈ পৰিব এই কেইটা বেংকৰ পাছবুক- চেকবুক, চাওঁক আছে নেকি আপোনাৰ বেংকটোও ?

চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা দেশৰ আঠটাকৈ আগশাৰীৰ চৰকাৰী বেংকৰ পাছবুক-চেকবুক আদি অচল হৈ পৰিব।
ভাৰত চৰকাৰে ২০১৯ চনৰ এপ্ৰিল মাহত দেশৰ আঠটা বেংক চাৰিটা বৃহৎ বেংকৰ সৈতে চামিল কৰাৰ সিদ্ধান্ত লৈছিল।
সেই মৰ্মে সেই আঠটা বেংক চাৰিটা বৃহৎ বেংকৰ সৈতে চামিল কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিছে।
সেয়ে উক্ত আঠটা বেংকে ইমান দিনে নিজাববীয়াকৈ প্ৰচলন কৰি অহা পাছবুক আৰু চেকবুক সমূহ সলনি হৈ পৰিব।১ এপ্ৰিলৰ পৰা পাচবুক আৰু চেকবুক অচল হৈ পৰিবলগীয়া বেংক কেইটা হৈছে ক্ৰমে—ডেনা বেংক, বিজয়া বেংক, কৰ্প’ৰেছন বেংক, অন্ধ্ৰ বেংক,ছিণ্ডিকেট বেংক, অৰিয়েণ্টেল বেংক অৱ কমাৰ্চ,ইউনাইটেড বেংক অৱ ইণ্ডিয়া আৰু এলাহাবাদ বেংক।
এই আঠটা বেংক চাৰিটা বৃহৎ বেংকৰ সৈতে চামিল হৈ পৰিব আৰু বেংক কেইটাৰ পাছবুক, চেকবুক আদিও সলনি হৈ পৰিব। সেয়ে যদি আপোনাৰ উক্ত বেংক কেইটাৰ কোনোৱাটোত একাউণ্ট আছে তেন্তে শীঘ্ৰে সংশ্লিষ্ট বেংকৰ শাখালৈ গৈ এই বিষয়ে খবৰ লোৱাটো সমীচিন হ’ব।
অৱশ্যে সেই বেংক কেইটাত একাউণ্ট থকাসকলে বেংক চামিলকৰণৰ বাবে কোনো লোকচানৰ সন্মুখীন নহ’ব বুলি কোৱা হৈছে।
মাত্ৰ তেওঁলোকৰ পাছবুক আৰু চেকবুক সলনি হ’ব।
উল্লেখ্য ডেনা বেংক আৰু বিজয়া বেংক ২০১৯ চনৰ ১ এপ্ৰিলৰ পৰা বেংক অৱ বৰোদাৰ সৈতে চামিল কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।
অৰিয়েণ্টেল বেংক অৱ কমাৰ্চ তথা ইউনাইটেড বেংক অৱ ইণ্ডিয়া চামিল কৰা হ’ব পাঞ্জাৱ নেছনেল বেংকৰ সৈতে।
ছিণ্ডিকেট বেংক চামিল কৰা হৈছে কানাড়া বেংকৰ সৈতে।
অন্ধ্ৰ বেংক আৰু কৰ্প’ৰেছন বেংক চামিল কৰা হৈছে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ সৈতে।
এনে চামিলকৰণৰ ফলত পূৰ্বৰ আঠটা বেংকৰ পাছবুক, চেকবুক, IFSC code, MICR code আৰু বেংকৰ শাখাৰ ঠিকনাৰ পৰিৱৰ্তন ঘটিব।