NORTHEAST NOW (Assamese)
অসম

৭ কোটি ব্যৱসায়ীৰ সিদ্ধান্ত: সমগ্ৰ দেশতে ২ অক্টোবৰৰ পৰা নাপাব ‘single-use plastic’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 30, 2019 2:26 pm
single-use-plastic-ban-featured-image-810x608

সমগ্ৰ দেশৰে দোকানসমূহত ২ অক্টোবৰৰ পৰা নাপাব ছিংগল য়ুজ প্লাষ্টিক। দেশৰ ৭ কোটি ব্যৱসায়ীয়ে এই ছিংগল য়ুজ প্লাষ্টিক নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে।

১ছেপ্টেম্বৰৰ পৰা দেশত প্ৰায় ৪০ হাজাৰ ট্ৰেড ফেডাৰেশ্যন, চেম্বাৰ তথা এছোচিয়েশ্যনে একেলগে ৰাষ্ট্ৰজুৰি অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।

প্ৰধান মন্ত্ৰী মোদীৰ ছিংগল য়ুজ প্লাষ্টিক বন্ধ কৰাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশৰ ৭ কোটি ব্যৱসায়ীক এই সন্দৰ্ভত সজাগ কৰি তোলা হ’ব।

আনহাতে, ব্যৱসায়ীসকলে পেকেজিং আৰু সামগ্ৰী বান্ধি দিয়াৰ বাবে কাপোৰ বা মৰাপাটৰ বেগ ব্যৱহাৰ কৰিব।

তদুপৰি, গ্ৰাহকসকলকো সামগ্ৰী ক্ৰয় কৰিবলৈ আহোতে কাপোৰ বা মৰাপাটৰ বেগ লৈ আনিবলৈ আহ্বান জনোৱা হ’ব।

প্ৰধান মন্ত্ৰী মোদীৰ ছিংগল য়ুজ প্লাষ্টিকমুক্ত ভাৰত গঢ়াৰ সপোনক সহযোগিতা আগবঢ়াবলৈ দেশৰ ব্যৱসায়ীসকলে এই পদক্ষেপ গ্ৰহণ কৰিছে।

423719-plastic
ফটো : ইন্টাৰনেট

দৈনন্দিন সামগ্ৰী ক্ৰয়ৰ বাবে ব্যৱহাৰ হৈ অহা ৫০ গ্ৰাম মাইক্ৰনতকৈ কম ওজনৰ প্লাষ্টিক বেগ এতিয়া দোকানীসকলে আৰু নিদিব।

২ অক্টোবৰৰ পৰা সমগ্ৰ দেশৰ ব্যৱসায়ীসকলে ছিংগল য়ুজ প্লাষ্টিক সম্পূৰ্ণৰূপে বৰ্জন কৰিব।

বৃহস্পতিবাৰে দিল্লীত কেটৰ বৈঠকত ২৯ খন ৰাজ্যৰ ট্ৰেড ফেডাৰেশ্যনৰ সৈতে জড়িত ব্যৱসায়ীসকলে এই সিদ্ধান্তত সন্মতি প্ৰকাশ কৰে।

আনহাতে, ইয়াৰ ফলত প্লাষ্টিক কোম্পানীসমূহত কৰ্মৰত হাজাৰ সংখ্যক লোকে চাকৰি হেৰুওৱাৰ বিষয়টো চৰকাৰে আলোচনা কৰি তেওঁলোকক বিকল্প সংস্থাপন আগবঢ়োৱাৰ কথাও চিন্তা কৰিছে।

কেটৰ সাধাৰণ সচিব প্ৰবীন খাণ্ডেলৱালে এফ এম চি জি, উপভোক্তা সামগ্ৰী, দৈনন্দিন ব্যৱহৃত সামগ্ৰী, ঔষধ তথা পেকেজিঙৰ আন কামত জড়িত কৰ্পোৰেট কোম্পানীসমূহক প্ৰেৰণ কৰা এখন মুকলি পত্ৰত ছিংগল য়ুজ প্লাষ্টিকৰ ব্যৱহাৰ প্ৰকৃতি বিৰুদ্ধ বুলি উল্লেখ কৰিছে।

প্ৰধান মন্ত্ৰীয়ে প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই কৰ্পোৰেট গোষ্ঠী আৰু প্ৰস্তুকৰ্তাসকলে উৎপাদিত থতা প্ৰস্তুত কৰা সামগ্ৰীসমূহক প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰা উচিত।

ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তৰ বহু দোকানীয়ে ছিংগল য়ুজ্ড প্লাষ্টিকৰ সলনি কাপোৰৰ বেগৰ অৰ্ডাৰ দিছে।

দেশত পেকেজিঙৰ কাৰণে ৪৩শতাংশ প্লাষ্টিক ব্যৱহাৰ হয়। ইয়াৰ পাছতে ইনফ্ৰাষ্ট্ৰাকছাৰত ২১ শতাংশ, অটো ছেক্টৰত ১৬ শতাংশ আৰু কৃষিত ২ শতাংশ ব্যৱহাৰ হয়।

কেন্দ্রীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ সমীক্ষা অনুসৰি, প্ৰতিদিনে ২৬ মেট্ৰিক টন প্লাষ্টিক প্লাষ্টিক জেনেৰেট হয়।

পৰিৱেশৰ প্ৰতি ভাবুকি স্বৰূপ এই প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ হ’লে প্ৰকৃতিৰ প্ৰতি মানুহৰ এয়া হ’ব এক মহৎ দান।