NORTHEAST NOW (Assamese)
অসম

বিজেপি এটা বিশ্বাসঘাটক, প্ৰতাৰকৰ দল : অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া August 30, 2019 10:06 pm
bjp flag

এন আৰ চি সন্দৰ্ভত বিজেপি দলৰ দুমুখীয়া স্থিতিক লৈ এইবাৰ সৰৱ হোৱা দেখা গ’ল অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসক।

শুকুৰবাৰে এক প্ৰেছ বিবৃত্তি যোগে দাসে বিজেপি এটা বিশ্বাসঘাটক আৰু প্ৰতাৰক দল আখ্যা দিয়ে।

এন আৰ চি সন্দৰ্ভত বিজেপি দলৰ বিধায়কে বিৰ্তকিত মন্তব্য কৰি অহাৰ পাছতো কিয় এতিয়ালৈকে তেওঁলোকৰ ওপৰত কোনোধৰণৰ ব্যৱস্হা লোৱা নহল বুলিও দাসে প্ৰশ্ন উৎথাপন কৰে।

মুখ্যমন্ত্ৰীয়ে ঘোষনা কৰিছিল যে,

এন আৰ চি ওপৰত কোনো ধৰণৰ বিৰ্তকিত মন্তব্য কৰিলে বিহিত ব্যৱস্হা লোৱা হ’ব বুলি ঘোষণা কৰাৰ পাছতো বিজেপি বিধায়কে কেনেদৰে এটাৰ পিছত এটা বিৰ্তকিত মন্তব্য কৰাৰ সাহস পালে বুলি অভিযোগ কৰে দাসে।

আনহাতে, এন আৰ চিক লৈ ভীতিগ্ৰস্ত নহবলৈ সমূহ অসমবাসীক আহ্বান জনায় সংগঠনটোৱে।

‘আপোনালোক সকলোৱে ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্হা ৰাখক। এন আৰ চি প্ৰকাশৰ পাছতো নাম বাদ পৰা প্ৰকৃত ভাৰতীয়ই ন্যয়ালয় অথবা বিদেশী ন্যায়ধীকৰণৰ যোগেদি আবেদন কৰিব পাৰিব। সেয়েহে ভীতিগ্ৰস্ত হোৱাৰ কোনো প্ৰয়োজন নাই’-প্ৰেছ বিবৃতিত সংগঠনটোৱে এনেদৰে প্ৰকাশ কৰে।

লগতে দাসে এন আৰ চিত অসমৰ খিলঞ্জীয়া ভূমিপূত্ৰ কৈৱৰ্ত্ত, বনিয়া, হীৰা, মালি, সূত্ৰধাৰ আদি লোকসকলৰ নাম নিশ্চিতভাৱে সন্নিৱিষ্ট হ’ব বুলি আশা ব্যক্ত কৰে।

তাৰোপৰি, এন আৰ চিৰ দৰে এটা বৃহৎ পৰিসৰৰ কাম কৰোতে দুই এটা ক্ৰুটি বিচ্যুতি ৰৈ যোৱাটো স্বাভাৱিক কিন্তু ইয়াৰ বাবে সম্পূৰ্ণ এন আৰ চিৰ প্ৰক্ৰিয়াটোক সন্দেহৰ চকুৰে চোৱাতো উচিত নহয় বুলিও দাসে কয়।

এন আৰ চি প্ৰকাশৰ সময়ত কোনো ধৰণৰ উৰাবাতৰি অথবা অপ্ৰীতিকৰ পৰিস্হিতিক গুৰুত্ব নিদিবলৈ সমগ্ৰ ৰাইজক আহ্বান জনায় সংগঠনটোৱে।