NORTHEAST NOW (Assamese)
অসম

ডিমৌত মে-দা- মে-ফিত আহোম জনগোষ্ঠীৰ সাজপাৰ প্ৰতিযোগিতা

Posted by: হিতোজ্জ্বল চেতিয়া January 31, 2018 7:13 am

বিগত কেইবছৰৰ দৰে এইবাৰো ডিমৌ তাই-আহোম সমাজৰ উদ‍্যোগত আৰু ডিমৌবাসী ৰাইজৰ সহযোগত ৩০ আৰু ৩১ জানুৱাৰিত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত ‘মে-দাম-মে-ফি’ৰ মঙলবাৰে শুভাৰম্ভণি হয়।

প্ৰথমদিনৰ প্ৰথম কাৰ্যসূচী হিচাপে মঙলবাৰে বিয়লি ৩ বজাৰ পৰা ৫ বজালৈ ফুৰালুং অনুষ্ঠিত হয় আৰু বিয়লি ৫ বজাৰ পৰা আহোম জনগোষ্ঠীৰ সাজপাৰ প্ৰতিযোগিতা আৰম্ভ হয়।

সাজপাৰ প্ৰতিযোগিতা প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ ‘ক’ শাখা আৰু অষ্টম শ্ৰেণীৰ পৰা উচ্চ শাখালৈ ‘খ’ শাখা এই দুটা শাখাত অনুষ্ঠিত কৰা হয়।

উক্ত সাজপাৰ প্ৰতিযোগিতাত দুয়োটা দলত প্ৰায় ৩০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

‘মে-দাম-মে-ফি’ৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে পুৱা ৯ বজাত মৈদাম তৰ্পন আৰু ১০ বজাৰ পৰা দাম-ফি পূজা আৰম্ভ কৰা হ’ব। ১০.৩০ বজাত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা আৰম্ভ কৰা হ’ব। চিত্ৰাংকন প্ৰতিযোগিতা প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ আৰু অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ এই দুটা শাখাত অনুষ্ঠিত কৰা হ’ব।

চিত্ৰাংকন প্ৰতিযোগিতাৰ ‘ক’ শাখাৰ বাবে বিষয় নিৰ্দ্ধাৰণ কৰা হৈছে  ‘আহোম যুগৰ যিকোনো এবিধ যুদ্ধৰ সঁজুলি’ আৰু ‘খ’ শাখাৰ বাবে ‘আহোমৰ যিকোনো কীৰ্তিচিহ্ন’। আনহাতে ৰচনা প্ৰতিযোগিতাৰ বিষয় হিচাপে নিৰ্দ্ধাৰণ কৰা হৈছে ‘মে-দাম-মেফি আৰু আহোম সমাজ’।

উল্লেখযোগ্য যে ‘মে-দাম-মে-ফি’ৰ প্ৰথম দিনাৰ কাৰ্যসূচী সুকলমে পাৰ হৈ যোৱা বুলি আয়োজক সকলে আমাৰ সাংবাদিকক জানিবলৈ দিয়ে।