NORTHEAST NOW (Assamese)
অসম

সুখবৰ! নিম্ন আৰু উচ্চ প্ৰাথমিক টে’ট পৰীক্ষাৰ বাবে অনলাইন আৱেদন আহ্বান শিক্ষা বিভাগৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 1, 2019 12:07 am
Assam TET statement

প্ৰায় সাত বছৰৰ মূৰত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে পুনৰ নিম্ন আৰু উচ্চ প্ৰাথমিক টে’ট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ওলাইছে। অহা ২০ অক্টোবৰত এই পৰীক্ষা অনুষ্ঠিত হ’ব।

আজি শিক্ষা বিভাগে এটা বিজ্ঞাপনৰ জৰিয়তে ৰাজ্যৰ নিবনুৱালৈ এই সুখবৰটো আগ বঢ়াই দিছে। বিজ্ঞাপনটোত বিভাগটোৱে টে’ট-২০১৯-ৰ বাবে অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা অনলাইন আৱেদন আহ্বান কৰিছে।

বিজ্ঞাপনটোৰ মতে, দুটা স্তৰৰ বাবে দুখন কাকত ক্ৰমে কাকত-১ (নিম্ন প্ৰাথমিক) আৰু কাকত-২ (উচ্চ প্ৰাথমিক)ৰ পৰীক্ষা লোৱা হ’ব। পৰীক্ষাত বহিবৰ বাবে আৱেদনকাৰীসকল ৰাজ্যখনৰ স্থায়ী বাসিন্দা হ’ব লাগিব।

আৱেদনকাৰীসকলে যোগ্য বিবেচিত হৈ চাকৰিত মকৰল হ’লে চাকৰি কৰিবৰ বাবে পচন্দ কৰা মণ্ডল (যিবোৰ বিজ্ঞাপনটোত উল্লেখ কৰা হৈছে) উল্লেখ আৱেদনৰ সময়তে কৰিব লাগিব আৰু এইটো নিয়মীয়া আৰু ঠিকাভিত্তিক উভয় ধৰণৰ পদৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।

নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক দুয়োটা টে’ট পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে নিম্নতম শৈক্ষিক যোগ্যতা আৰু অন্যান্য প্ৰয়োজনীয় চৰ্তবোৰ উল্লেখ থকা চৰকাৰী বিজ্ঞাপনটো হুবহু ইয়াত সাঙুৰি দিয়া হ’ল-

[pdf-embedder url=”https://assam.nenow.in/wp-content/uploads/2019/08/tet_advertisement-2019.pdf”]

উল্লেখযোগ্য যে কংগ্ৰেছ চৰকাৰৰ দিনতে অনুষ্ঠিত টে’ট পৰীক্ষা যোগে বহু হাজাৰ যুৱক-যুৱতীয়ে সম্পূৰ্ণ মেধাৰ ভিত্তিত ৰাজ্যৰ নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়বোৰত নিযুক্তি লাভ কৰি শৈক্ষিক মান উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে।

বিজেপি চৰকাৰখন অহাৰ পিছৰ পৰাই টে’ট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ব্যাপক দাবী উঠি আহিছে।