NORTHEAST NOW (Assamese)
অসম

বৰাক নদীৰ ওপৰত তিনিখন নতুন দলঙৰ অনুমোদন

Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : Updated by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : November 19, 2017 6:26 am

কালি শিলচৰত নমামি বৰাক উৎসৱৰ কেন্দ্ৰীয় কাৰ্য্যসূচীত ভাগ লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে চৰকাৰে বৰাক নদীৰ ওপৰত তিনিখন নতুন দলঙৰ অনুমোদন কৰিছে। লগতে শিলচৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত দক্ষতা বিকাশ কেন্দ্ৰ (Skill Development Center) স্থাপন কৰাৰ কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীজনে কয় যে বৰাক উপত্যকাক অতদিনে অৱহেলা কৰি অহা হৈছিল আৰু সেইবাবে বৰাকৰ মানুহৰ যথেষ্ট মনোবেদনা আছে। এতিয়াৰ পৰা বৰাকৰো সমানে উন্নয়নৰ প্ৰয়াস কৰা হ’ব। ভাষণত মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ লগতে বৰাকৰো উন্নয়নৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিছে। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰৰ ৰে’ল মন্ত্ৰ্যালয়ে ইতিমধ্যে বৰাক উপত্যকাৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ পোনপটীয়া ৰে’লসেৱা আৰম্ভ কৰিছে। সভাত উপস্থিত থকা কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইক শিলচৰৰ পৰা ডিব্ৰুগড় আৰু সৌৰাষ্ট্ৰলৈও পোনপটীয়া সেৱা আৰম্ভ কৰিবলৈ অনুৰোধ জনায়।