NORTHEAST NOW (Assamese)
অসম

এ বি ভি পিক বিধ্বস্ত কৰি আছুৰ দখলত নগাঁৱৰ হাতীচোং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 5, 2019 9:58 am
AASU vs ABVP

নগাঁও জিলাৰ হাতীচোং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফলত সদৌ অসম ছাত্ৰ সন্থাই প্ৰাধান্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।

মঙলবাৰে ঘোষিত ফলাফলত মুঠ ৭ টা পদত এ বি ভি পি সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ বিপৰীতে ৫ টা পদত জয়লাভ কৰে আছু সমৰ্থিত প্ৰাৰ্থীয়ে।

সদৌ অসম ছাত্ৰ সন্থা সমৰ্থিত প্ৰাৰ্থীয়ে ছাত্ৰ একতা সভাৰ ক্ৰমে সভপতি, সধাৰণ সম্পাদক, তৰ্ক সম্পাদক, সমাজ সেৱা সম্পাদক আৰু ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকাৰ পদত জয়লাভ কৰে।

আনহাতে, সহ সাধাৰণ সম্পাদক, সাংস্কৃতিক সম্পাদক, গুৰু ক্ৰীড়া সম্পাদক, লঘু ক্ৰীড়া সম্পাদক, আলোচনী সম্পাদক, ছাত্ৰ জিৰণি কোঠা সম্পাদক আৰু দুখীয়া পুঁজি সম্পাদক পদত এ বি ভি পি সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হয়।

মহাবিদ্যালয়খনৰ নৱ নিৰ্বাচিত ছাত্ৰ-একতা সভাত সভাপতি আৰু সাধাৰণ সম্পাদকৰ পদত ক্ৰমে যশোৱন্ত বৰদলৈ আৰু সীমান্ত বৰা বিপুল ভোটত বিজয়ী হৈ নিৰ্বাচিত হৈছে।