NORTHEAST NOW (Assamese)
অসম

আগন্তুক লোকপিয়লৰ গণনাৰ পৰা বাদ দিয়া হৈছে অসমক

Posted by: অনুপ শৰ্মা Updated by: অনুপ শৰ্মা September 6, 2019 9:00 am
National-Population-Register-1140x570

অহা বছৰৰ ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া লোকপিয়লৰ গণনাৰ পৰা বাদ দিয়া হৈছে অসমক।

সমগ্ৰ দেশতে নেশ্যনেল পপুলেশ্যন ৰেজিষ্টাৰ (এন পি আৰ) উন্নীতকৰণৰ অনুশীলন অসমক বাদ দিয়া আৰম্ভ কৰা হ’ব।

কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এক চৰকাৰী সূচনাপত্ৰ (গেজেট নটিফিকেশ্যন) অনুসৰি অহা বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে অসমক বাদ দি সমগ্ৰ দেশতে পপুলেশ্যন ৰেজিষ্টাৰ প্ৰস্তুতকৰণ তথা উন্নীতকৰণৰ ক্ষেত্ৰভিত্তিক কাম চলিব।

এই অনুশীলনত অসমৰ বাহিৰে বাকী ঠাইত স্থানীয় পঞ্জীয়নৰ আওতাৰ ভিতৰত বসবাস কৰা সকলো ব্যক্তিৰ সন্দৰ্ভত তথ্য সংগ্ৰহ কৰা হ’ব বুলি জাননীখনত কোৱা হৈছে।

জাননীখনত অৱশ্যে ইয়াৰ বাবে কোনো নিৰ্দিষ্ট কাৰণ উল্লেখ কৰা নাই।

এই বৃহৎ অনুশীলনটোৰ পৰা অসমক বাদ দিয়াৰ কথাটো সোধাত ৰাজ্য চৰকাৰৰ বিষয়াই কয় যে তেওঁলোক এই সন্দৰ্ভত অৱগত নহয়।

‘’এই সম্পৰ্কত মোৰ কোনো ধাৰণা নাই,’’- ‘নৰ্থইষ্ট নাও’ৰ প্ৰশ্নৰ উত্তৰত সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব ড০ এম অংগমুথুৱে এইদৰে কয়।

উল্লেখযোগ্য যে অসমত যোৱা ৩১ আগষ্টত  প্ৰায় ৩.১১ কোটি লোকৰ অন্তৰ্ভুক্তিৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এন আৰ চি) চূড়ান্ত তালিকা প্ৰকাশ পাইছে।

চূড়ান্ত এন আৰ চিৰ পৰা প্ৰায় ১৯ লাখ লোকৰ নাম বাদ পৰিছে।

অসম চৰকাৰে শেহতীয়াকৈ প্ৰকাশ কৰিছে যে বাদ পৰা ১৯ লাখ লোক লোকক বিদেশী হিচাপে ঘোষণা বা আটক কৰা নহয়।

উক্ত লোকসকলে অসমৰ বিদেশী ন্যায়াধিকৰণত ১২০ দিনৰ ভিতৰত ভাৰতীয় নাগৰিকত্বৰ বাবে নতুনকৈ দাবী জনাব পাৰিব আৰু ন্যায়াধিকৰণৰ ৰায়ত সন্তুষ্ট নহ’লে উচ্চ আদালতৰ দ্বাৰস্থ হ’ব পাৰিব।