NORTHEAST NOW (Assamese)
অসম

এহাল স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ অসাধাৰণ জিমনাষ্টিক শৈলীৰ প্ৰদৰ্শন; ভিডিঅ’ ভাইৰেল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 6, 2019 9:47 am
111-1-750x375

পশ্চিমবংগৰ দুটি অসাধাৰণ শিশু। স্কুলীয়া ড্ৰেছৰ সৈতে থকা শিশু দুটিয়ে পথৰ ওপৰতে নিজৰ জিমনাষ্টিক শৈলী প্ৰদৰ্শন কৰা এটা ভিডিঅ’ বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল।

ভিডিঅ’টোৱে দেশৰ ক্ৰীড়াপ্ৰেমীৰ লগতে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে পাঁচবাৰৰ অলিম্পিক গ’ল্ড মেডেলিষ্ট জিমনাষ্ট নাডিয়া কমানেচি (Nadia Comaneci) আৰু দেশৰ ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৰ।

এই ভাইৰেল ভিডিঅ’টোৰ বাবেই দুয়োজনলৈ আহিছে সুযোগ। জিমনাষ্টিক কেৰিয়াৰ আগবঢ়াই নিয়াৰ বাবে ক্ৰীড়া বিভাগে দুয়োজনলৈ আগবঢ়াইছে স্প’ৰ্টছ অথৰটি অব ইণ্ডিয়া চমুকৈ ছাইত প্ৰশিক্ষণ লোৱাৰ সুবিধা।

ভিডিঅ’টোত জিমনাষ্টিকৰ শৈলী প্ৰদৰ্শন কৰা শিশু দুটি হ’ল- ১১ বছৰীয়া জেচিকা খান আৰু ১২ বছৰীয়া মহম্মদ ইজাজুদ্দিন।

ছাইৰ ক্ষেত্ৰীয় সঞ্চালক মনমীত সিং গৈন্দীয়ে কোনো সংবাদ মাধ্যমত কয়, ‘জেচিকা খান আৰু ইজাজুদ্দিনৰ ভাইৰেল ভিডিঅ’টো দেখি ১৯৭৬ অলিম্পিক চেম্পিয়ন জিমনাষ্ট নাডিয়া কমানেচিয়ে দুয়োজনকে প্ৰশংসা কৰিছে। দুয়োজনকে কলকাতাৰ ছাইত প্ৰশিক্ষণ আৰু হোষ্টেলৰ সুবিধা প্ৰদান কৰিম’।

উল্লেখ্য যে এই ভিডিঅ’টো পাঁচবাৰৰ অলিম্পিক গ’ল্ড মেডেলিষ্ট জিমনাষ্ট নাডিয়াই নিজৰ টুইটাৰত শ্বেয়াৰ কৰাৰ পাছৰ পৰাই সৰ্বাধিক চৰ্চা লাভ কৰিছিল।

তেওঁ এটা সুন্দৰ কেপশ্যনেৰে (এয়া সাংঘাটিক) ভিডিঅ’টো শ্বেয়াৰ কৰিছিল।

মাত্ৰ ১৫ ছেকেণ্ডৰ ভিডিঅ’টোত দুয়োজনৰ প্ৰতিভা সুন্দৰভাৱে প্ৰতিফলিত হোৱা দেখা গৈছে।

জেচিকা খানে সংবাদ মাধ্যমৰ আগত কয়, ‘ছাইত প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰাৰ কথা গম পাই মই যথেষ্ট সুখী অনুভৱ কৰিছো। এই কথা মই মা-দেউতাক কৈছো আৰু তেওঁলোকো অত্যন্ত সুখী’।

জেচিকাই জানিব দিয়া অনুসৰি যোৱা চাৰি বছৰৰ পৰা তাই ইয়াৰ অনুশীলন চলাই আহিছে। আৰু ভৱিষ্যতে নাডিয়াৰ দৰে এগৰাকী সফল জিমনাষ্ট হোৱাৰ মন জেচিকাৰ।

ইফালে দেশৰ ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে তেওঁৰ লগত শিশু দুটিৰ পৰিচয় কৰাই দিয়াৰ বাবে দেশৰ জনতাক অনুৰোধ জনাইছে।

নাডিয়া কমানেচিৰ টুইটটো শ্বেয়াৰ কৰি ৰিজিজুৱে লিখিছে যে নাডিয়াই টুইট কৰাক লৈ মই বিৰাট সুখী। প্ৰথমবাৰৰ বাবে ১৯৭৬ৰ মনট্ৰিয়েল অলিম্পিক গেইমছত পাৰফেক্ট ১০ স্ক’ৰ কৰা জিমনাষ্টৰ এনে টুইট স্পেচিয়েল হৈ পৰে। শিশু দুটিৰ লগত পৰিচয় কৰাই দিবলৈ মই অনুৰোধ জনাইছো।