NORTHEAST NOW (Assamese)
অসম

বৈধ ভিছাৰে তুৰস্কৰ পৰা আহি ভাৰতত ATM হেক কৰি লাখ লাখ টকা লুটা দুৰ্বৃত্তক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 6, 2019 5:38 pm

অসমৰ, বিশেষকৈ গুৱাহাটীৰ কেইবা ঠাইত থকা ATM-ত গোপন কেমেৰা সংযোগ কৰি গ্ৰাহকৰ কাৰ্ডৰ তথ্য চুৰ কৰি সেই কাৰ্ডৰ ক্ল’নেৰে টকা লুট কৰা দুজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে।

মুম্বাইৰ পৰা গুৱাহাটীত জাল পেলোৱা দুৰ্বৃত্ত দুজন হ’ল ঈদগী ইমৰাহ আৰু আব্দুল হালেক।

দুইজনকে গুৱাহাটী মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ সহযোগত মুম্বাইৰ পৰা যোৱা নিশা গ্ৰেপ্তাৰ কৰিছে।

তেওঁলোকে গুৱাহাটীৰ তিনিটা ATM-ৰ য়ুজাৰক চিকাৰ কৰি ইতিমধ্যে ১৬ লাখ ৮৫ হাজাৰ টকা লুট কৰিছে।

মহানগৰীৰ তিনি ঠাই, ক্ৰমে- লাষ্ট গেইট, লাচিত নগৰৰ এছ বি আই এ টি এম আৰু হাতীগাঁৱৰ য়ুনিয়ন বেংকৰ এ টি এমত স্কেনাৰ মেচিন আৰু গোপন কেমেৰা লগাইছিল এই হেকাৰ চক্ৰই।

পিছত এই গোপন কেমেৰাৰ তথ্যৰ পৰা কাৰ্ড ক্ল’ন কৰি তাৰে মুম্বাইৰ পৰাই টকা উঠাইছিল দুষ্টচক্ৰটোৱে। কিন্তু চি চি টিভি কেমেৰাৰ ফুটেইজৰ সহায়ত অসম আৰক্ষী তেওঁলোকক চিনাক্ত কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে তেওঁলোকৰ পৰা এটা খালী ATM আৰু ১০খন কাৰ্ড, দুটা লেপটপ জব্দ কৰিছে, নিজৰ কাৰ্য্যালয়তে আজি সম্বোধন কৰা এখন সংবাদমেলত মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে জনালে।

আৰক্ষী আয়ুক্তজনে লেপটপ দুটাৰ পৰা অধিক তথ্য লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁৰ সন্দেহ, এই কেইজনৰ সৈতে এটা ডাঙৰ চক্ৰ জড়িত থকাৰ সম্ভাৱনা আছে।

গুৱাহাটীত এই কাৰ্য্যত জড়িত দুষ্ট চক্ৰৰ বিৰুদ্ধে বিভিন্ন থানাত ৪৬টা গোচৰ ৰুজু হৈছিল।

বৰ্তমান দুৰ্বৃত্ত দুজনক গুৱাহাটীলৈ আনি থকা হৈছে। দুয়ো তুৰ্কী মূলৰ আৰু ভিছা লৈ ভাৰতলৈ আহিছিল। তেওঁলোকৰ ভিছাৰ ম্যাদ এতিয়াও শেষ হোৱা নাই, জনালে আৰক্ষী আয়ুক্ত দীপক কুমাৰে।