NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত শ্ৰম বিভাগৰ অভিযানত শিশু শ্ৰমিক উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 6, 2019 7:13 pm
Child labour

শিৱসাগৰ জিলাৰ শ্ৰম বিভাগৰ বিশেষ উদ্যোগত জিলাখনৰ এ টি ৰোডৰ ৰামায়ণ হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পৰা এটি শিশু শ্ৰমিকক উদ্ধাৰ কৰা হয়।

উদ্ধাৰৰ পিছত শ্ৰম বিভাগে শিশুটিক জিলাখনৰ শিশু কল্যাণ সমিতিৰ হাতত অৰ্পন কৰে।

বিগত মাহৰ ১৭ তাৰিখে অভিযান চলাই উদ্ধাৰ কৰা হৈছিল শিশুটিক।

শিশু শ্ৰমিকটিক উদ্ধাৰ কৰা ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্তাধিকাৰী ৰামনন্দন শ্বাহৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষী থানাত এটি গোচৰো ৰুজু কৰে জিলা শ্ৰম বিভাগে।

উল্লেখযোগ্য যে, জিলাখনৰ শ্ৰম বিভাগে শিৱসাগৰৰ বিভিন্ন উদ্যোগ, প্ৰতিষ্ঠান তথা বাসস্থানত কৰ্মৰত শিশু শ্ৰমিক সকলক উদ্ধাৰৰ কাৰণে অভিযান অব্যাহত ৰাখিছে।

শিশু শ্ৰম আইন অনুসৰি শিশু সকলক শ্ৰমিক হিচাপে ৰখাটো এক অপৰাধ।

শিৱসাগৰ জিলা শ্ৰম বিভাগৰ এগৰাকী বিষয়াই এতিয়াও জিলাখনত বহু ব্যক্তি আৰু প্ৰতিষ্ঠানে শিশু সকলক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি জানিবলৈ দিয়ে।