NORTHEAST NOW (Assamese)
অসম

‘সমকালীন ভাৰতীয় সাহিত্য’ বিষয়ক ৰাষ্ট্ৰীয় ৱেবিনাৰৰ আয়োজন : অংশগ্ৰহণ কৰিব পাৰিব আগ্ৰহীসকলে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 17, 2020 8:42 pm
webinar-marketing-101

সম্প্ৰতি ৰাষ্ট্ৰ বিভিন্ন ভাষাৰ মাজেদি ভাৰতীয় সাহিত্যৰ উৎকৰ্ষ আৰু বিকাশ কেনেভাৱে অগ্ৰসৰ হৈছে তাৰ খতিয়ান ল’বলৈকে সাহিত্য আৰু সমাজ সংস্কৃতিৰ গৱেষণাধৰ্মী আলোচনী ‘স্বণলিপি’য়ে ইয়াৰ ১১ বছৰীয়া যাত্ৰাৰ অংশ হিচাপে অহা ৩১ অক্টোবৰত ‘সমকালীন ভাৰতীয় সাহিত্য’ বিষয়ক এখন ৰাষ্ট্ৰীয় পৰ্যয়ৰ বেৱিনাৰৰ আয়োজন কৰিছে।

ওড়িয়া, অসমীয়া আৰু উত্তৰ পূৱৰ বিভিন্ন ভাষাৰ লগতে দাক্ষিণাত্যৰ তামিল, তেলুগু আৰু মালয়ালম ভাষাৰ সাহিত্য-ধাৰাৰ শেহতীয়া প্ৰতিচ্ছবিখন দাণি ধৰিবলগীয়া এই বিশেষ ৱেবিনাৰখন উদ্বোধন কৰিব সাহিত্য অকাডেমীৰ সচিব ডঃ কে দৰীনিবাস ৰাওৱে।

প্ৰসিদ্ধ পণ্ডিত বিশিষ্ট শিক্ষাবিদ মিতভাষ স্ৰষ্টা আৰু ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত প্রধ্যাপক ডঃ নগেন শইকীয়া আৰু সাহিত্য অকাডেমীৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক ঔপন্যাসিক ডঃ ধ্রুৱজ্যোতি বৰাই মুখ্য অতিথিৰূপে ইয়াত অংশগ্ৰহণ কৰিব।

তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজীৰ প্ৰাধ্যাপক ডঃ প্ৰন্তকুমাৰ দাসে উত্তৰ পূবৰ মৌলিক সৃষ্টিশীল সাহিত্যৰ ধাৰা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়াৰ প্ৰাধ্যাপক ডঃ দীপ্তি ফুকন পাটগিৰিয়ে অসমীয়া আৰু উৰিয়া সৃষ্টিশীল সাহিত্যৰ ধাৰা বিষয়ক বক্তৃতা প্রদান কৰিব।

সাহিত্য অকাডেমীৰ ‘ইণ্ডিয়ান লিটাৰেচাৰ’ৰ সম্পাদক ডঃ এ জে থমাছে তামিল, তেলুগু আৰু মালয়ালম ভাষাৰ সাহিত্য-ধাৰা সন্দৰ্ভত ‘দাক্ষিশাতাৰ নাৰী কণ্ঠৰ আধুনিক কৰিতা’শীৰ্ষক বক্তৃতা প্ৰদান কৰিব। লগতেডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডঃ প্রাণজিৎ বৰাই ‘আধুনিকতাবাদী ভাৰতীয় কৰিতা’ আৰু অসম বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ডঃ শিৱশংকৰ মজুমদাৰে ‘একৈছ শতিকাত উত্তৰ পূবৰ উপন্যাস’ বিষয়ত আলোকপাত কৰিব।

সাহিত্যাচাৰ্য ডঃ পৰাগ কুমাৰ ভট্টাচাৰ্য উপদেষ্টাৰূপে উপস্থিত থাকিবলগীয়া ৱেবিনাৰখন সকলোৰে বাবে মুকলি থাকিব আৰু সঞ্চালনা কৰিব স্ব্ণলিপিৰ সম্পাদক হৃদয়ানন্দ গগৈয়ে। ৱেবিনাৰত যোগদানৰ শেষ তাৰিখ অহা ২৮ অক্টোবৰ আৰু আগ্ৰহীসকলে https://forms/gle/thzraF953znNDLA6 আৰু বাটচআপ https://chat.whatsapp.com/EPo5sekCuhnLPyMvtfPjyp ব্যৱহাৰ কৰি যোগদান কৰিব পাৰিব অথবা সবিশেষ দূৰভাষ ৭৩৯৯২০৮০৯ যোগেও পাববুলি এক বিবুতিষোগে জনোৱা হৈছে।