NORTHEAST NOW (Assamese)
অসম

UIDAI ৰ নতুন নিয়ম জাৰি; আধাৰ কাৰ্ডৰ ঠিকনা বা অন্য সাল-সলনিৰ বাবে ল’ব লাগিব এই উপায়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 6, 2019 8:15 pm
aadhaar

যদিহে আপোনাৰ আধাৰ কাৰ্ডত নতুন কিবা আপডেট অথবা সাল-সলনি কৰিব লগীয়া আছে তেনেহ’লে এতিয়াৰে পৰা আপুনি অন্য পদ্ধতি প্ৰয়োগ কৰিব লাগিব।

আধাৰ জাৰি কৰা কোম্পানী UIDAI য়ে আধাৰ আপডেটৰ নিয়মত কিছু সাল-সলনি কৰিছে।

জনসাধাৰণৰ আধাৰ সম্পৰ্কীয় আপত্তি সমূহ নিষ্পত্তি কৰাৰ বাবে UIDAI য়ে দেশৰ বিভিন্ন চহৰত নতুন আধাৰ কেন্দ্ৰ স্থাপন কৰিছে।

আপুনি এই আধাৰ সেৱা কেন্দ্ৰ সমূহলৈ নোযোৱাকৈ আপোনাৰ নাম, ঠিকনা, জন্মৰ তাৰিখ আদিৰ সলনি কৰিব পাৰে।

আধাৰ সেৱা য়ু আই ডি এ আই কেন্দ্ৰ, ডাকঘৰ আৰু চৰকাৰী কাৰ্য্যালয় আদিত উপলব্ধ হ’ব।

য়ু আই ডি এ আয়ে দিল্লী, চেন্নাই, ভূপাল, আগৰা, হিসাৰ, বিজয়বাড়া আৰু চত্তীশগড়ত আধাৰ সংশোধনী সেৱা কেন্দ্ৰ স্থাপন কৰিছে।

ইয়াৰোপৰি, পাটনা আৰু গুৱাহাটীতো চলিত মাহৰ পৰাই আধাৰ সেৱা কেন্দ্ৰ স্থাপন কৰা হ’ব। য়ু আই ডি এ আয়ে সমগ্ৰ দেশৰ ৫৩ খন চহৰত ১১৪ টা আধাৰ কেন্দ্ৰ মুকলি কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে।

আধাৰ সেৱা কেন্দ্ৰৰ সুবিধা লাভৰ বাবে অনলাইন অনুমতি লব লাগিব। কিদৰে অনলাইন অনুমতি ল’ব পৰা যায় আৰু কোনবোৰ সেৱাৰ বাবে অনুমতি লব লাগে।

নতুন আধাৰ বনোৱাৰ বাবে, নাম আপডেট কৰাৰ বাবে, ঠিকনা আপডেট কৰাৰ বাবে, জন্মতিথি আপডেট কৰাৰ বাবে, মোবাইল নম্বৰ আপডেট কৰাৰ বাবে, ই-মেইল আপডেট, লিংগ আৰু বায়োমেট্ৰিক আপডেট কৰাৰ বাবে অনুমতি ল’ব লাগিব।

ইয়াৰ বাবে প্ৰথমতে আপুনি য়ু আই ডি আই এৰ ৱেবচাইট (https://uidai.gov.in/) লৈ যাব লাগিব। তাৰ পাছত ‘মাই আধাৰ’ টেবত ক্লিক কৰিব লাগিব। ইয়াৰ পাছতে তাত চহৰৰ লোকেশ্যন দেখুৱাব আৰু তাৰ পৰা আপুনি নিজৰ চহৰখন বাচনি কৰিব লাগিব।

চহৰ বাচনি কৰাৰ পাছতে আপুনি ‘প্ৰোছেচ টু বুক এন এপোইণ্টমেণ্ট’ত ক্লিক কৰিব লাগিব।

এতিয়া এটা নতুন টেব খোল খাব আৰু ইয়াত তিনিটা অপচন থাকে-নতুন আধাৰ, আধাৰ আপডেট আৰু মেনেজ এপোইনমেণ্ট।

আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি ইয়াৰে যিকোনো এটা নিৰ্বাচিত কৰিব লাগিব। ধৰা হল আপুনি আপডেট অপছনটো বাচনি কৰিলে আৰু ইয়াত পঞ্জীয়নকৃত মোবাইল নম্বৰ, কেপচা কোড আৰু অ’ টি পি অন্তৰ্ভুক্ত কৰিলে আপোনাৰ এপ্লিকেশ্যন ভেৰিফাইড হৈ যাব।

অ’ টি পি ভেৰিফিকেশ্যন হৈ যোৱাৰ পাছত উপলব্ধ হোৱা ফৰ্মত নিজৰ প্ৰয়োজনীয় আপডেট অন্তৰ্ভুক্ত কৰিব লাগিব। এই প্ৰয়োজনীয় তথ্যসমূহ পুৰণ কৰাৰ পাছত বুকিং এপোণ্টমেইন্টৰ বাবে টাইম স্লথ বাচনি কৰিব লাগিব।

এতিয়া অন্তিম পৰ্যায়কত এপইণ্টমেন্ট ডিটেইলছৰ বিষয়ে জানি লওঁক আৰু যদিহে সলনি কৰিব খোজে পূৰ্বৰ টেবত ক্লিক কৰক অন্যথা চাবমিটত ক্লিক কৰক।