NORTHEAST NOW (Assamese)
অসম

ডিটেনশ্যন চেণ্টাৰে অসমৰ এন আৰ চি বহিৰ্ভূত লোকক ভীতিগ্ৰস্ত কৰিছে

Posted by: অনুপ শৰ্মা Updated by: অনুপ শৰ্মা September 6, 2019 8:33 pm
Matia-Sakina-Begum-Fear of being put in detention centre grips NRC excluded people

অসম চৰকাৰে এন আৰ চিৰ পৰা বাদ পৰা লোকসকলক বন্দীও কৰা নহয় বিদেশীও বোলা নহয় বুলি কৈ থাকিলেও, নিৰ্মাণ কৰি থকা ডিটেনশ্যন কেন্দ্ৰসমূহে যোৱা কিছুদিন ধৰি মানুহক আতংকিত কৰি আহিছে।

৩১ আগষ্টত প্ৰকাশিত এন আৰ চিৰ পৰা ১৯ লাখৰ অধিক লোক বাদ পৰিছে, যিসকলে তেওঁলোকৰ ভাৰতীয় নাগৰিকত্ব প্ৰমাণৰ বাবে অহা ১২০ দিনৰ ভিতৰত বিদেশী ন্যায়াধিকৰণৰ দুৱাৰ খটখটাব লাগিব। পৰৱৰ্তী পৰ্য্যায়ত তেওঁলোক উচ্চতৰ আদালতলৈয়ো গতি কৰিব পাৰিব।

প্ৰক্ৰিয়াটোৰ সম্পূৰ্তিত চিনাক্ত অবৈধ বিদেশীক ৰখাৰ বাবে অসম চৰকাৰে দহটা ডিটেনশ্যন কেন্দ্ৰ নিৰ্মাণ কৰি আছে। আটাইতকৈ বৃ্হৎ ডিটেনশ্যন কেন্দ্ৰটোৰ নিৰ্মাণ গোৱালপাৰা জিলাৰ মটিয়াত ইতিমধ্যে আৰম্ভ হৈছে।

বৰপেটা, ডিমা হাচাও, কামৰূপ, কৰিমগঞ্জ, লখিমপুৰ, নগাওঁ, নলবাৰী, শিৱসাগৰ আৰু শোণিতপুৰত হ’ব লগা বাকী নটা ডিটেনশ্যন কেন্দ্ৰৰ নিৰ্মাণ আৰম্ভ হ’বলৈ এতিয়াও বাকী। এই দহটা ডিটেনশ্যন কেন্দ্ৰৰ আনুমানিক ব্যয় নিৰ্মাণ ব্যয় ১০০০ কোটি টকা।

“মই প্ৰকৃত ভাৰতীয় নাগৰিক কিন্তু মোৰ নাম এন আৰ চিত নাই। মই অশিক্ষিত মানুহ। মোৰ যি কাগজ-পাতি আছিল দিলো। মই এতিয়া কি কৰিব লাগে?” খুটামাৰী গাঁৱৰ চাকিনা বেগমে কয়।

Sakina-Begum-Fear of being put in detention centre grips NRC excluded people
চাকিনা বেগম।

চাকিনা বা তেওঁৰ দৰেই গোৱালপাৰাৰ বহু লোকেই এতিয়া বহিৰ্ভূত লোকক ৰাখিবলৈ ডিটেনশ্যন কেন্দ্ৰ নিৰ্মাণৰ বাতৰিত ভয় খাইছে।

মটিয়াত নিৰ্মীয়মান ডিটেনশ্যন কেন্দ্ৰৰ পৰা চাকিনাৰ ঘৰলৈ খুব বেছি ৩০ কিঃ মিঃ। বহু দশক পূৰ্বে চাকিনাৰ পূৰ্বপুৰুষ অসমলৈ প্ৰব্ৰজন কৰিছিল, কিন্তু ১৯৯৭ চনত ভোটাৰ তালিকা পুনৰ মূল্যায়নৰ সময়ত তেওঁক “সন্দেহজনক” ভোটাৰৰূপে অভিহিত কৰা হয়। তেওঁ বিদেশী ন্যায়াধিকৰণত গোচৰটো চলাইছিল আৰু ন্যায়াধিকৰণে ২০১৬ চনত তেওঁক অবৈধ প্ৰব্ৰজনকাৰী নহয় বুলি ঘোষণা কৰিলে যদিও এন আৰ চিত তেওঁৰ নাম নাহিল।

“মই ভয় খোৱা নাই কিন্তু মই শুনিও আছো যে চৰকাৰে ডিটেনশ্যন কেন্দ্ৰ সাজি আছে। পৰিয়াল এৰি কোনে ডিটেনশ্যন কেন্দ্ৰত থাকিব খুজিব? মোৰ লগত কি হ’বলৈ গৈ আছে নাজানো,” চিন্তাক্লিষ্ট চাকিনাই কয়।