NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ চূণচালিৰ ৰামচিং চাপৰিত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত বুৰ যোৱা ৪জন কিশোৰৰ মৃতদেহ উদ্ধাৰ

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া September 8, 2019 9:18 pm
SDRF

মহানগৰীৰ চূণচালিৰ ৰামচিং চাপৰিত আজি ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ পানীত বুৰ যোৱা চাৰিজন কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰিছে এছ ডি আৰ এফ আৰু নদী আৰক্ষীৰ দলে।

দুপৰীয়া প্ৰায় একমান বজাত আন ৮জন বন্ধুৰ সৈতে কিশোৰকেইজনে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈছিল। কিশোৰকেইজনৰ নামকেইটা ক্ৰমে ছাইদুল হুছেইন, ছানিদুল আলী, নাছিৰ আলী আৰু নাজিৰুল আলী।

তেওঁলোকৰ ঘৰ নুনমাটি নিজৰাপাৰত আৰু তেওঁলোকৰ বয়স ১২ বছৰৰ ওচৰে-পাঁজৰে।

গা ধুই থাকোতে এজন কিশোৰ দ পানীত পৰা বাবে বাকী তিনিজনে তেওঁক বচাবলৈ গৈছিল আৰু তেনেকৈয়ে আটাইকেইজনৰে সলিল সমাধি ঘটে, নুনমাটি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰুৱাই টেলিফোনত নৰ্থ-ইষ্ট নাওক জনায়।

আৰক্ষীয়ে মৃতদেহকেইটা ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচ্ছলৈ প্ৰেৰণ কৰিছে।