NORTHEAST NOW (Assamese)
অসম

ৰাণু মণ্ডলক নিজৰ ভিডিঅ’ গানৰ ৰিমিক্সত কণ্ঠ দিয়াৰ অ’ফাৰ ৰাখী সাৱন্তৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 9, 2019 10:23 am
collage_555_090819050647 123

ছচিয়েল মিডিয়াৰ চাঞ্চল্য ৰাণু মণ্ডল এতিয়া মুম্বাইত বহু চৰ্চিত ষ্টাৰ হৈ পৰিছে। গায়িকা ৰাণু মণ্ডল দেশজুৰি জনপ্ৰিয় হৈ পৰিছে।

শেহতীয়াকৈ ‘ড্ৰামা কুইন’ ৰাখী সাৱন্তে ৰাণু মণ্ডলৰ সৈতে কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।

ৰাখী সাৱন্তৰ ভিডিঅ’ গানৰ ‘ছাপ্পন ছুৰী’ কিছুদিন আগতে মাত্ৰ ৰিলিজ হৈছে। ৰাখীয়ে গানৰ প্ৰমোচনৰ বাবে ব্যস্ত হৈ আছে।

ৰাখীয়ে এতিয়া বিচাৰিছে যে ৰাণু মণ্ডলে তেওঁৰ এই গানৰ ৰিমিক্স ভাৰ্ছনত তেওঁৰ কণ্ঠ দিয়ক।

উল্লেখযোগ্য যে ৰাণু মণ্ডল বৰ্তমান সময়ত ছচিয়েল মিডিয়াত তেওঁৰ গানৰ জৰিয়তে অতি জনপ্ৰিয় হৈ পৰিছে।

বলীউদৰ সংগীত পৰিচালক তথা গায়ক হিমেশ ৰেশমিয়াই ৰাণু মণ্ডলক তেওঁৰ ছবি হেপী হাৰ্ডি আৰু হীৰ’ত গান গোৱাৰ সুযোগ দিছে।

ৰাণুৱে হিমেশৰ সৈতে ‘তেৰী মেৰি কাহানি’ গানটো ৰেকৰ্ডো কৰিছে। এই ভিডিঅ’ গানটো শ্ৰোতা-দৰ্শকে বহুত পছন্দ কৰিছে।

ৰাখীয়েও ৰাণুৰ কণ্ঠৰে তেওঁৰ গানৰ ৰিমিক্স ভাৰ্ছন বনাব বিচাৰিছে।

উল্লেখযোগ্য যে ৰাখীয়ে ভিডিঅ’ত ৰূপায়ন কৰা এই গানকেইটা গাইছে অসমৰে এগৰাকী কণ্ঠশিল্পী মন্দাকিনী বৰাই।

ভিডিঅ’ গানকেইটাত ৰাখীৰ উপৰিও আছে ময়ুৰাক্ষী বৰা আৰু মোনিকা সিং।

আনহাতে, ব্যক্তিগত জীৱনত ৰাখী সাৱন্ত বিগত কিছুদিন ধৰি তেওঁৰ বিয়াৰ বাবে বাতৰিৰ চৰ্চালৈ আহিছে। অৱশ্যে, তেওঁৰ পতি এতিয়ালৈ সংবাদ মাধ্যমৰ সন্মুখলৈ অহা নাই।