NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ অভিযানত দুজন দুৰ্ধৰ্ষ এন ডি এফ বি (এচ)ৰ কেডাৰ আটক

Posted by: চাজিদ খান Updated by: চাজিদ খান September 9, 2019 10:02 am
IMG-20190909-WA0000

আৰক্ষীৰ অভিযানত ওদালগুৰি জিলাৰ ভাৰত-ভুটান সীমান্তৰ শান্তিপুৰ এলেকাৰ পৰা ৭ ছেপ্তেম্বৰ অৰ্থাৎ দেওবাৰে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন এন ডি এফ বি (সংবিজিত পন্থী)ৰ দুজন কেডাৰ আটক হয়।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত ভেৰাগাঁও মহকুমা আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হোৱা কেডাৰ দুজন ক্ৰমে এন ডি এফ বি (এচ)ৰ ফুংখা নাৰ্জাৰী(২৩) আৰু প্ৰসেন নাৰ্জাৰী(২৮) বুলি পৰিচয় লাভ কৰা গৈছে।

দুয়োজনৰে ঘৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত ১ নং পূব খৈৰাবাৰীত বুলি আৰক্ষী বিষয়া নিৰ্মল ঘোষে জানিবলৈ দিয়ে।

দুৰ্ধৰ্ষ কেডাৰ দুজনৰ পৰা আৰক্ষীয়ে এটা নাইন এম এম পিষ্টল, এটা পইণ্ট ২২ পিষ্টল, ১০ জাঁই সক্ৰিয় গুলীৰ লগতে বহুতো আপত্তিজনক নথি পত্ৰ জব্দ কৰে।

আটকাধীন সদস্য দুজনৰ পৰা অধিক তথ্যৰ বাবে আৰক্ষীয়ে বৰ্তমান দুয়োকে জেৰা চলাই আছে।