NORTHEAST NOW (Assamese)
অসম

চালান কটাৰ অভিযান; নাগালেণ্ডৰ ট্ৰাকক ৮৬,৫০০টকাৰ জৰিমনা বিহিলে উৰিষ্যাত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 9, 2019 12:06 pm
trucks

দেশত যান বাহন সংশোধনী আইন বলবৎ হোৱাৰ পৰিণতিত নাগালেণ্ডৰ পঞ্জীয়ন থকা এখন ট্ৰাকক উৰিষ্যাত বৃহৎ পৰিমানৰ ৮৬,৫০০ টকা জৰিমনা বিহা হৈছে।

NL01 G1470 পঞ্জীয়ন নম্বৰৰ ট্ৰাকখনৰ চালক অশোক যাদৱক দিয়া চালানৰ বাতৰিটো শনিবাৰে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

challan-1

অৱশ্যে, বাতৰি অনুসৰি, চালকজনে কিছু নথিপত্ৰ দাঙি ধৰাৰ পাছত বিষয়ো ৭০,০০০ টকাত নিষ্পত্তি কৰা হয়।

অশোকে জৰিমনা আদায় দিয়াৰ পাছতে ট্ৰাকখন ছেপ্টেম্বৰৰ ৬ তাৰিখে মুকলি কৰি দিয়া হয়।

বাতৰি মতে, অশোকে এগৰাকী অকৰ্তৃত্বশীল ব্যক্তিক অনজ্ঞাপত্ৰ অবিহনে গাড়ীখন চলাব দিয়া, অতিৰিক্ত বোজা কঢ়িওৱা আৰু হিচাপতকৈ উচ্চ স্তৰলৈ বোজা কঢ়িওৱা তথা এক সাধাৰণ অপৰাধৰ বাবে জৰিমনা ভৰিবলগীয়া হয়।

চম্বলপুৰ আৰ টি অ’ৰ বিষয়াই ট্ৰাকখন অংগুল জিলাৰ তালচেৰৰ পৰা চত্তীশগডলৈ গৈ থকা অৱস্থাত ধৰি ৰখাইছিল।

নাগালেণ্ডস্থিত কোম্পানী বি এল এ ইনফ্ৰাষ্ট্ৰাকছাৰ প্ৰইভেট লিমিটেডৰ ট্ৰাকখনে জে চি বি মেচিন কঢ়িয়াই আনিছিল।