NORTHEAST NOW (Assamese)
অসম

সৰ্বানন্দ, হিমন্তৰ সৈতে গৃহ মন্ত্ৰী অমিত শ্বাহৰ কামাখ্যা মন্দিৰ দৰ্শন

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 9, 2019 12:44 pm
Amit Shah in Kamakhya

আজি ঐতিহ্যমণ্ডিত কামাখ্যা মন্দিৰ দৰ্শন কৰে অসম ভ্ৰমণৰত দেশৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। গৃহ মন্ত্ৰী গৰাকীয়ে পুৱা প্ৰায় ১০ বজাত মন্দিৰত উপস্থিত হৈ মা কামাখ্যাৰ আশীষ লয়।

কামাখ্য মন্দিৰ যাত্ৰাত গৃহ মন্ত্ৰী শ্বাহক সংগ দিয়ে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

গৃহ মন্ত্ৰীগৰাকীৰ ভ্ৰমণক কেন্দ্ৰ কৰি আজি কামাখ্যা মন্দিৰ চৌহদত কটকটীয়া নিৰাপত্তা বেষ্টনি গঢ়ি তুলিছিল অসম আৰক্ষীয়ে।

উল্লেখ্য যে বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ লোৱাৰ উদ্দেশ্যে দুদিনীয়া ভ্ৰমণসূচীৰে ৮ ছেপ্তেম্বৰ অৰ্থা দেওবাৰে গুৱাহাটীত উপস্থিত হৈছিল অমিত শ্বাহ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণলৈ অহা অমিত শ্বাহে কামাখ্যা দৰ্শনৰ পাছতে কলাক্ষেত্ৰলৈ ৰাওনা হয়।

আজি কলাক্ষেত্ৰত নৰ্থ-ইষ্ট ডেম’ক্ৰেটিক এলায়েন্স চমুকৈ নেডাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব।